বন্ধৰ দিনবোৰ সকলোৰে প্ৰিয় আৰু এই দিনবোৰ আৰু ধুনীয়া হৈ পৰে যেতিয়া সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত, এক কোমল সূৰ্যৰ উত্তাপত দিনবোৰ পাৰ কৰিব পৰা যায়। ফুৰিবলৈ গ’লে প্ৰায় সকলো লোকেই ফটো তুলি সেই স্মৃতি সাঁচি ৰাখে। প্ৰকৃতিগতভাৱে লাভ কৰা সূৰ্যৰ পোহৰ এখন ভাল ছবিৰ বাবে উপযুক্ত। আনহাতে কেৱল ফটো তোলাৰ ক্ষেত্ৰতেই নহয়, ভ্ৰমণ কৰিবলৈ গ’লে স্বাস্থ্যৰ ক্ষেত্ৰটো গুৰুত্ব দিয়া অতি প্ৰয়োজনীয়।
ভিটামিন ডি শৰীৰৰ বাবে অতি আৱশ্যক। এনেক্ষেত্ৰত কোনো লোকে বন্ধৰ দিনবোৰ স্বাস্থ্যসন্মত কোনো ভাল ঠাইত কটাব বিচাৰিলে এনে কিছুমান ঠাই আছে য’ত ভাল ফটো উঠিব পৰাকৈ প্ৰাকৃতিক সৌন্দৰ্য থকাৰ লগতে ভিটামিন ডি যুক্ত কোমল সূৰ্যৰ ৰ’দ ল’ব পৰাকৈ সুবিধা আছে। আনহাতে এই ঠাইসমূহত কেতিয়াও সূৰ্য অস্ত নহয়।
পৃথিৱীখন বহুতো আশ্বৰ্যজনক তথা অদ্ভুত বস্তু তথা ঠাইৰে ভৰি আছে। ইয়াৰে ভিতৰত বহুতৰ সন্ধান পোৱা গৈছে যদিও এতিয়াও বহু বাকী আছে। তাৰে ভিতৰত কিছুমান উল্লেখযোগ্য ঠাই হ’ল-
1. হেমাৰফেষ্ট (Hammerfest, Norway)- এই ঠাইত সূৰ্য অস্ত হয় দিনৰ ১ বজাত আৰু তাৰ ৪০ মিনিটৰ পাছতে পুনৰ উদয় হয়। উক্ত ঠাইখন পৃথিৱীৰ উত্তৰ দিশত থকা এখন উল্লেখনীয় ঠাই যাক “UNESCO”ৰ “World Heritage Site“ আখ্যা দিয়া হৈছে। নৰৱেক ‘Land Of The Midnight Sun’ বুলিও কোৱা হয় কাৰণ মে‘ আৰু জুলাই মাহৰ ভিতৰত প্ৰায় ৭৬ দিন এই ঠাইত সূৰ্য অস্ত নহয়।
2. ছেন্ট পিটাৰছবাৰ্গ (St. Petersburg, Russia)- উক্ত ঠাই বছৰৰ কিছু সময় ২৪ ঘন্টাই সূৰ্যৰ পোহৰ পৰি থকাৰ বাবে বিখ্যাত। বিশেষকৈ ভাৰতীয় পৰ্যটকৰ বাবে উপযোগী এই ঠাই মে’ৰ মাজভাগৰ পৰা জুলাইৰ মাজভাগলৈ ৰ’দৰ পোহৰ বেছি হয়। আনহাতে এই ঠাইতো কেতিয়াও সূৰ্য অস্ত নহয়।
3. গ্ৰীমছে আইলেণ্ড (Grimsey Island, Iceland)- এই ঠাইত মাজৰাতিৰ সূৰ্যৰ দৃশ্যৰ আমেজ ল’ব পাৰি। চৰাই ভালপোৱা লোকসকলেও ইয়াত দেখিবলৈ পাব এক বৃহৎ সংখ্যক “puffins’’ চৰাই। আনহাতে স্থানীয় সংস্কৃতি তথা সৌন্দৰ্যৰে ভৰপূৰ “Akureyri” চহৰো এক উল্লেখনীয় ঠাই।
4. কানাক (Qaanaaq, Greenland) – গ্ৰীণলেণ্ডৰ উত্তৰ দিশত অৱস্থিত এই সৰু ঠাইখনত আঢ়ৈ মাহ পৰ্যন্ত মাজৰাতিৰ সূৰ্য দেখিবলৈ পোৱা যায়। ঠাণ্ডা দিনত এই ঠাই অতি সৌন্দৰ্যশালী হৈ পৰে । বিশেষকৈ জাৰৰ ৰাতিবোৰ এই ঠাইত অতি মনোমোহা।
5. নুনাভাট (Nunavut, Canada) – কানাডাৰ এই ঠাণ্ডা চহৰত প্ৰায় ২ মাহ পৰ্যন্ত ২৪ ঘন্টাই সূৰ্যৰ ৰ’দ পোৱা যায়। কিন্তু আচৰিত ধৰণে ৩০ দিন পৰ্যন্ত আন্ধাৰ হৈ থাকে এই ঠাই।
6. স্বালবাৰ্দ (Svalbard, Norway) – নৰৱেৰ সূৰ্যৰ পোহৰ পৰা এই ঠাই ফটো তুলিবৰ বাবে অতি উপযুক্ত। প্ৰতিবছৰে এপ্ৰিল মাহৰ ১৯ তাৰিখৰ পৰা আগষ্ট মাহৰ ২৩ তাৰিখলৈ এই ঠাইত সূৰ্য আকাশৰ একেবাৰে ওপৰ ভাগত থাকে।