ষ্টেট বেংকে গ্ৰাহকৰ বাবে প্ৰৱৰ্তন কৰিছে এক নতুন পৰিসেৱা। এই নতুন সেৱাৰ নাম সম্পৰ্ক ৰহিত পৰিসেৱা (Contactless Service)। এইক্ষেত্ৰত গ্ৰাহকে নিজৰ ঘৰত বহিয়েই সহজতে বেংকৰ একাধিক কাম –কাজ কৰিব পাৰিব।
উল্লেখ্য যে টুইটাৰ যোগে দুটি নম্বৰৰ কথা জনাইছে ভাৰতীয় ষ্টেট বেংকে। দৰাচলতে গ্ৰাহকৰ বাবে ট’ল ফ্ৰি নম্বৰ জাৰি কৰিছে ষ্টেট বেংকে। কোনো গ্ৰাহকে এতিয়াৰ পৰা ট’ল ফ্ৰি নম্বৰ ১৮০০ ১১২ ২১১ আৰু ১৮০০ ৪২৫ ৩৮০০ লৈ ফোন কৰি বেংকৰ লগত জড়িত বহুতো কথা জানিব পাৰিব ।
উল্লেখ্য যে ভাৰতীয় ষ্টেট বেংকে টুইটাৰত এটা ভিডিঅ’ও প্ৰচাৰ কৰিছে। ভিডিঅ’টোত এছ বি আইৰ গ্ৰাহকসকলে উক্ত ট’ল ফ্ৰি নম্বৰ দুটাত ফোন কৰি কি কি সুবিধাৰ বিষয়ে জানিব পাৰিব সেই কথা উল্লেখ কৰা হৈছে।
এই সুবিধা সমূহ হৈছে –
- একাউন্ট বেলেন্স আৰু শেষৰ পাঁচ টা ট্ৰানজেকচন
- এ টি এম বন্ধ কৰা বা সক্ৰিয় কৰি ৰখা
- এ টি এম পিন বা গ্ৰিন পিন জেনেৰেট কৰা
- নতুন এ টি এম আবেদন কৰা
এই সুবিধাসমূহৰ বিষয়ে জানিবৰ বাবে ট’ল ফ্ৰি নম্বৰ দুটাত গ্ৰাহকে ফোন কৰিব পাৰিব।
উল্লেখ্য যে সমগ্ৰ ভাৰতত ষ্টেট বেংকৰ প্ৰায় ৪৪ কোটি গ্ৰাহক আছে। এই গ্ৰাহকৰ সুবিধাৰ বাবেই এছ বি আই য়ে জাৰি কৰিছে এই নতুন নিয়ম। আনহাতে ষ্টেট বেংকৰ তৰফৰ পৰা এই কথাও জনোৱা হৈছে যে কোনো গ্ৰাহকে যাতে বেংক একাউন্ট নম্বৰ, পাচৱৰ্ড , এ টি এম কাৰ্ডৰ নম্বৰ আদিবোৰৰ ফটো তুলি নাৰাখে। কাৰণ সেই নম্বৰ কোনো অসৎ লোকৰ হাতত পৰিলে নানা অসুবিধাৰ সৃষ্টি হ’ব পাৰে। ইতিমধ্যে এই ক্ষেত্ৰত বেংকে গ্ৰাহকসকলক একাধিকবাৰ সচেতন কৰিছে।