অসমৰ এক আগশাৰীৰ পৰিবেশ সজাগতা মূলক স্বেচ্ছাসেৱী সংস্থা ‘নৱাৰুণ ,THE RISING RAY অসমে’ পৰিবেশ সুৰক্ষা তথা সজাগতাৰ ক্ষেত্ৰত এইবাৰ ল’লে আন এক অভিনৱ পদক্ষেপ ৷ ২৬ ডিচেম্বৰ তাৰিখে ২০২১ বৰ্ষৰ শেষৰটো দেওবাৰে জাগিৰোডৰ নিজৰাপাৰত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সহযোগত পৰিবেশ সজাগতা অনুষ্ঠানৰ অংশ ৰূপে সংস্থাটোৱে প্ৰদৰ্শন কৰে বাটৰ নাট ৷ অসমৰ বিভিন্ন বনভোজস্থলী সমূহত পৰিলক্ষিত হোৱা মানুহৰ পৰিবেশ বিৰোধী যি কাৰ্য্যকলাপ তাৰ প্ৰতি সকলোকে সজাগ কৰিবলৈ তথা পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত নৱাৰুণৰ সহযাত্ৰী হৈ নৱপ্ৰজন্মকো বাট দেখুৱাবলৈ এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰে স্বেচ্ছাসেৱী সংগঠনটোৱে ৷
আনহাতে ‘আহক আমি প্ৰদূষণ মুক্ত পৃথিৱী গঢ়ো,ধৰণীকসেউজীয়া কৰোঁ ,প্লাষ্টিকেৰে নিৰ্মিত সামগ্ৰীৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰোঁ’ আদি বিভিন্ন শ্ল’গানেৰে ৰাইজক সচেতন হ’বলৈ আহ্বান জনোৱাৰ লগতে প্ৰচাৰ পত্ৰ বিতৰণ কৰি বনভোজ স্থলীৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰচেষ্টা হাতত লয় ‘নৱাৰুণ ,THE RISING RAY অসমে’ ৷আনহাতে পৰৱৰ্তী সময়ত জাগিৰোডৰ ছগ্ৰাচালৰ প্ৰাকৃতিক পৰিবেশত উপস্থিত নৱাৰুণৰ সমূহ সদস্যই কবিতা,গীত-মাতেৰে আকাশ বতাহ মুখৰিত কৰি এক সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰে ৷ উক্ত অনুষ্ঠানতে সংস্থাটোৰ কেইবাগৰাকীও বিষয়ববীয়া তথা সদস্যক সম্বৰ্দ্ধনা জনোৱাৰ লগতে ‘নৱাৰুণে’ আয়োজন কৰা চুটি গল্পৰ প্ৰতিযোগিতাত স্থান লাভ কৰা বিজয়ী প্ৰতিযোগী সকলকো পুৰস্কাৰ প্ৰদান কৰা হয় ৷
২০১৫চনৰ পৰা পলিথিনৰ অবাধ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰি প্ৰাকৃতিক পৰিবেশ সংৰক্ষণেৰে এক স্বচ্ছ পৰিবেশ গঢ়াৰ বাবে নিৰবচ্ছিন্ন ভাৱে কৰি অহা এই কাৰ্য্যাৱলী অনাগত সময়তো কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি সংবাদ মাধ্যমৰ আগত জনাই ‘নৱাৰুণ ,THE RISING RAY অসম’ৰ সভানেত্ৰী ডক্তৰ সুৰঞ্জনা কলিতা আৰু সাধাৰণ সম্পাদক মনোৰঞ্জন বৰাই ৷