চেন্ট্ৰেল ব’ৰ্ড অৱ ছেকেণ্ডেৰী ইডুকেচন চমুকৈ চি বি এছ ই (CBSE) য়ে কিছুমান বিশেষ ছাত্ৰ-ছাত্ৰীক সকাহ দিয়াৰ উদ্দেশ্যে জাৰি কৰিছে এক নতুন নিৰ্দেশনা। উক্ত নিৰ্দেশনা অনুসৰি যিসকল ছাত্ৰ-ছাত্ৰীয়ে ক’ভিড-১৯ দুৰ্যোগৰ সময়ত নিজৰ অভিভাৱকক হেৰুৱাইছে তেঁওলোকক “CBSE” পৰীক্ষাৰ মাচুল দিয়াৰ পৰা বিৰত ৰখা হ’ব।
“CBSE“ ৰ পৰীক্ষা নিয়ন্ত্ৰক ছানয়াম ভাৰদ্বাজে এই কথা উল্লেখ কৰি কয় যে দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীকলৰ এই সুবিধাৰ্থে বিদ্যালয়সমূহে সমূহ দৰকাৰী তথ্যৰ যোগান ধৰিব লাগিব।
উল্লেখ্য যে সমগ্ৰ দেশতে “CBSE“ বৰ্ডৰ লগত সংলগ্ন বিদ্যালয়সমূহত অনুষ্ঠিত হ’বলগীয়া দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সমূহৰ মাচুল সংগ্ৰহ আৰু পৰীক্ষাৰ্থী সকলৰ নিৰ্বাচন ইতিমধ্যে আৰম্ভ হৈ গৈছে। এই ক্ষেত্ৰত পৰীক্ষাত বহিব লগীয়া ছাত্ৰ-ছাত্ৰীয়ে ৩০ ছেপ্তেম্বৰৰ ভিতৰত পৰীক্ষাৰ মাচুল দিয়াৰ সময়সীমা ধাৰ্য কৰি দিয়া হৈছে।
প্ৰাপ্ত তথ্য মতে দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঁচটা বিষয়ৰ বাবে এই মাচুল ১,৫০০ টকা । আনহাতে দিল্লী চৰকাৰৰ বিদ্যালয় অধীনত থকা “SC/ST” ৰ ছাত্ৰ-ছাত্ৰী সকলৰ ক্ষেত্ৰত এই মাচুল ১,২০০ টকা। আনহাতে ব্যৱহাৰিক আৰু বিকল্প বিষয়ৰ সৈতে দ্বাদশ শ্ৰেণীৰ কিছু ছাত্ৰ-ছাত্ৰীৰ বাবে এই মাচুল হয় ২,৫০০ টকা।