ভাৰতবৰ্ষৰ সমাজ আৰু সভ্যতাৰ পৰিচয়বাহক গংগা নদীৰ প্ৰদূষিত পানী সামুদ্ৰিক প্ৰদূষণৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হৈছে। দ্যা হিন্দু কাকতৰ এটি প্ৰতিবেদনত এই কথা সবিস্তাৰে প্ৰকাশ পাইছে।
দিল্লীস্থিত বেচৰকাৰী পৰিৱেশ সংগঠন টক্সিকছ লিংকৰ দ্বাৰা প্ৰকাশিত প্ৰতিবেদন অনুসৰি গংগা নদীৰ প্ৰসাৰৰ বিশ্লেষণে মাইক্ৰ’প্লাষ্টিকৰ দ্বাৰা প্ৰদূষণ বিয়পাইছে। যাক ১ মাইক্ৰ’মিটাৰ ৰ পৰা ৫ মিলিমিটাৰ আকাৰৰ সংশ্লেষিত কঠিন কণা হিচাপে সংজ্ঞায়িত কৰা হৈছে, যিবোৰ পানীত অদ্ৰৱণীয়।
গংগা নদী পাঁচখন ৰাজ্যজুৰি প্ৰবাহিত হৈ আছে আৰু ইয়াক প্ৰদূষণমুক্ত কৰিবলৈ ৰাষ্ট্ৰীয় গংগা পৰিষ্কাৰ মিছনৰ নামত কেন্দ্ৰৰ দ্বাৰা এক বৃহৎ প্ৰকল্পৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।
মাইক্ৰ’প্লাষ্টিকক সামুদ্ৰিক প্ৰদূষণৰ এক মুখ্য উৎস হিচাপে স্বীকৃতি দিয়া হয়। নদীৰ পথৰ কাষৰ বহুতো চহৰৰ পৰা অশোধিত নৰ্দমা, ঔদ্যোগিক আৱৰ্জনা আৰু অপচনশীল প্লাষ্টিকত মেৰিয়াই থোৱা ধৰ্মীয় নৈবেদ্য কেইবাখনো ঘন বসতিপূৰ্ণ চহৰৰ মাজেৰে বৈ যোৱাৰ লগে লগে নদীখনত প্ৰদূষকবোৰ জমা হৈ গৈ থাকে।
নদীত এৰা বা পেলোৱা প্লাষ্টিকৰ সামগ্ৰী আৰু আৱৰ্জনাবোৰ ভাঙি সূক্ষ্ম কণাত বিভক্ত হয়। এইবোৰ অৱশেষত নদীখনে যথেষ্ট বৃহৎ পৰিমাণত সাগৰলৈ পৰিবহন কৰে।
মূলতঃ সকলোবোৰ মাইক্ৰ’প্লাষ্টিক নদীধাৰালৈ প্ৰবাহিত হৈ থাকে। ই কঠিন আৰু তৰল আৱৰ্জনা প্ৰৱন্ধনৰ দুৰ্বল অৱস্থাৰ মাজত পোনপটীয়া সম্পৰ্ক প্ৰতিফলিত কৰে। সেয়েহে ইয়াক প্ৰতিকাৰ কৰাৰ বাবে ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰা অতি গুৰুত্বপূৰ্ণ।
টক্সিকছ লিংকৰ মুখ্য সমন্বয়ক প্ৰীতি মহেশে এক বিবৃতিত কয় যে গংগা নদীৰ কাষত মাইক্ৰ’প্লাষ্টিকৰ পৰিমাণগত বিশ্লেষণ হৰিদ্বাৰ, কানপুৰ আৰু বাৰাণসীত পানীৰ নমুনাৰ বিশ্লেষণৰ ওপৰত আধাৰিত আছিল।
বাৰাণসীত সৰ্বাধিক ঘনত্বৰ প্লাষ্টিক পোৱা গৈছিল, যাৰ ভিতৰত একক আৰু মাধ্যমিক ব্যৱহাৰযুক্ত প্লাষ্টিক সামগ্ৰী অধিক। লগতে গোৱাৰ ৰাষ্ট্ৰীয় সাগৰ বিজ্ঞান প্ৰতিষ্ঠানৰ (এন আই অ’)ৰ সহযোগত পানী পৰীক্ষা কৰা হৈছিল। সঠিক প্ৰকাৰ বা ৰেজিন শাহ চিনাক্ত কৰিবলৈ কৰা এই পৰীক্ষাৰ ফলাফলত মাইক্ৰ’প্লাষ্টিক হিচাপে কমেও ৪০ টা বিভিন্ন প্ৰকাৰৰ পলিমাৰৰ উপস্থিতি দেখা গৈছিল।
অধ্যয়নত প্ৰকাশ পাইছে যে সামুদ্ৰিক আৱৰ্জনাই ৬৬৩ টাতকৈও অধিক সামুদ্ৰিক প্ৰজাতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। ইয়াৰ ১১ শতাংশ মাইক্ৰ’প্লাষ্টিক গ্ৰহণীয় দ্ৰব্যৰ সৈতে সম্পৰ্কিত বুলি কোৱা হয়।
“আমি জলজ জীৱনৰ ওপৰত প্লাষ্টিকৰ ভাবুকি অধিক বাস্তৱিকভাৱে আৰু ভৱিষ্যতৰ চকুৰে সমাধান কৰিব লাগিব। উদ্যোগ, চৰকাৰ আৰু নাগৰিক সমাজ, সংগঠনকে ধৰি বিভিন্ন অংশীদাৰ, প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা উন্নত কৰাৰ বাবে আৰু পৰৱৰ্তী সময়ত মাইক্ৰ’প্লাষ্টিক প্ৰদূষণ হ্ৰাস কৰাৰ বাবে একেলগ হ’ব লাগিব” টক্সিকছ লিংকৰ সহকাৰী সঞ্চালক সতীশ সিনহাই এইদৰে মন্তব্য কৰে।