পুৱতি নিশাৰ কোচ ভৰাই অনা বকুল ফুলৰ মালাধাৰি আছিল গৰম বন্ধ দিয়া সেই বিশেষ দিনটোৰ আটাইতকৈ মূল্যবান উপহাৰ শিক্ষাগুৰুৰ প্ৰতি। প্ৰায় মাহজোৰা এটা প্ৰস্তুতি এই দিনটোৰ বাবে। গৰম বন্ধ দিয়াৰ এদিন পূৰ্বে শিক্ষাগুৰুসকলে ঘোষণা কৰিছিল বন্ধৰ দিনবোৰত ঘৰুৱা কামৰ বাবে বহী -পেঞ্চিল লৈ আনিবলৈ। সেইমতেই হাতে হাতে ঘৰুৱা কামৰ বহী হাতত ফুলৰ থোপা ,মালা লৈ নিৰ্ধাৰিত সময়ত আহি বিদ্যালয়ত হাজিৰ হোৱা ।
ল’ৰা- ছোৱালীৰ গুঞ্জনেৰে গোটেই বিদ্যালয়ৰ চৌহদখন ৰূপোৱালী হৈ পৰে। কোনোৱে কথাৰ মহলা মাৰি ক’য় কেনেকৈ পুৱতি নিশাই আলিমূৰৰ কেকুৰিত থকা বকুল ফুল কোচ ভৰাই আনি মালাধাৰি গুঠিলে… কোনোটোৱে আকৌ ধল পুৱাতেই ওচৰৰ পদুমনিখনৰ পৰা কিমান কষ্ট কৰি পদুম ফুল আনিলে।
লগতে গুলচ , গোলাপ আৰু পাতাবাহৰ মালা। শিক্ষকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ বা বহুদিন সুগন্ধ বিলাই ৰখা এই সকলো মালাৰ ভিতৰতে বকুলৰ মালাধাৰিৰ মূল্য বেছি। সেইবাবেই যিজন ছাত্ৰ -ছাত্ৰীয়ে বকুলৰ মালা আনিব পাৰে তেওঁ অৱশ্যেই আন দহজন লগৰীয়াতকৈ বিশেষ হৈ পৰে ।
শ্ৰেণী কোঠাত সোমায়েই শিক্ষকে দিয়া এমহীয়া বন্ধৰ ঘৰুৱা কামখিনি ব্লেক বৰ্ডৰ পৰা টুকি লোৱাৰ পিছতেই শিক্ষা গুৰুৰ পৰা এমাহৰ বাবে বিদায় লৈ ফুলেৰে উপচাই পেলায়। ফুলৰ মাজত সোমাই থকা শিক্ষকে সকলোকে মনপুতি পঢ়িবলৈ আৰ্শীবাদ দিয়ে। ৭০-৮০ দশকৰ এইদিনটোৱে আজিও আমনি কৰে বহুতকে।
অৱশ্য সেইসময়ত সকলো ল’ৰা-ছোৱালীয়ে চৰকাৰী বিদ্যালয়তে পঢ়িছিল। বে-চৰকাৰী বিদ্যালয় বুলিবলৈ নাছিলেই। বৰ্তমানৰ বে-চৰকাৰী বিদ্যালয়ত এই পৰিবেশৰ ৰূপ সলনি হৈছে। ছাত্ৰ -ছাত্ৰীৰ মাজত গৰম বন্ধৰ দিনটোলৈ তেনে কোনো বিশেষ উৎসাহো নাই আৰু সেই উৎসৱমুখৰ পৰিবেশো নায়। এনেদৰেই যান্ত্ৰিকতাৰ দৌৰত হেৰাই গ’ল বকুলৰ সুবাস বিলোৱা গৰম বন্ধৰ সেই বিশেষ দিনটো।