অসমৰ মাধ্যম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ আছিল মঙলদৈৰ ধনটি মোজাম্মিল হক । ১৯৭২ চনত মাত্ৰ ১২ বছৰ বয়সত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা এক আন্দোলনৰ সময়ত শ্বহীদ হৈছিল মোজাম্মিল। ১৯৭২ চনৰ ৫ অক্টোবৰ তাৰিখে দুষ্কৃতিকাৰীৰ প্ৰহাৰত আহত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ থকা অৱস্থাতে ৬ অক্টোবৰৰ পুৱা মৃত্যুক আঁকোৱালি লৈছিল মোজাম্মিল হক নামৰ এইগৰাকী ১২বৰীয়া কিশোৰে ।
ভাষা আন্দোলনত শ্বহীদ হোৱা মোজাম্মিল হকৰ স্মৃতিত তেওঁক সন্মান জনাই সেয়েহে অসম সাহিত্য সভাই বহু বছৰৰ পৰাই এটি বঁটা প্ৰদান কৰি আহিছে ৷ প্ৰতি বছৰে অসমীয়া ভাষাৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা কোনো এগৰাকী বিশেষ ব্যক্তিক এই বঁটা প্ৰদান কৰা হয়।
আনহাতে সদৌ অসম গৰিয়া যুৱ পৰিষদেও তেওঁক সন্মান জনাই এটি পুৰস্কাৰ প্ৰদান কৰি আহিছে ৷ ২০১৯ চনত অসমৰ এগৰাকী প্ৰতিষ্ঠিত সাংবাদিক নিতুমণি শইকীয়াক এই বঁটা প্ৰদান কৰা হৈছিল ৷
উল্লেখনীয় যে অসমৰ এক আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান কটন বিশ্ববিদ্যালয়ত শ্বহীদ মোজাম্মিলৰ নামেৰে এটা হোষ্টেলৰ নামাকৰণ কৰা হৈছে আৰু ১৯৭৫ চনত অসমত তেওঁৰ নামত এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় স্থাপন কৰা হৈছিল ৷
অসমীয়া ভাষাৰ বাবে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰা শ্বহীদ মোজাম্মিল হকৰ মৃত্যু বাৰ্ষিকত তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছো ।