আহোম সকলক জনজাতিকৰণ কৰা তথা স্বায়ত্ব শাসন প্ৰদান কৰা আৰু ঐতিহাসিক কৃৰ্তী চিহ্ন সমূহ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা কৰাৰ লগতে মৈদাম সমূহৰ সুৰক্ষা আৰু আহোম ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক দিশত উন্নয়নৰ ক্ষেত্ৰত বিশেষ জলপানী ঘোষণা কৰিবলৈ মুখ্যমন্ত্ৰী তথা অসম চৰকাৰক টাই আহোম যুৱ পৰিষদে শুক্ৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেল যোগে দাবী জনায়।
টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় মুখপাত্ৰ গুণকান্ত গগৈৰ লগতে কেইবাজনো বিষয়-ববীয়া উপস্থিত থকা সংবাদ মেলখনত আৰম্ভণিতে ক’ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা স্বাস্থ্যকৰ্মী, আৰক্ষী কৰ্মকৰ্তা,সাধাৰণ নাগৰিক সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ইয়াৰ সমান্তৰালভাৱে ক’ভিড -১৯ এই সময়ছোৱাত জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে প্ৰতি মুহুৰ্ততে খবৰ প্ৰদান কৰা সাংবাদিক তথা সংবাদকৰ্মী সকললৈ সংস্থাটোৱে ধন্যবাদ জ্ঞাপন কৰে।
অসমৰ বৃ্হত্তৰ ভূ-খণ্ডক সামাজিক ,শৈক্ষিক,অৰ্থনৈতিক আৰু ভৌগলিক দিশৰ পৰা সুৰক্ষা প্ৰদান কৰি আহোম সকলে অতি গৰ্বৰে ছশ বছৰ ৰাজত্ব কৰিছিল।ইয়াৰ পৰৱৰ্তী পৰ্যায়ত সকলোৰে লগত সমিলমিলে থাকি আহোমৰ পৰা বৃ্হত্তৰ অসমীয়া গঠন হৈছিল।
সেইসময়ৰ পৰা প্ৰচলিত আহোমৰ বুৰঞ্জী সমূহ অসমৰ পাঠ্যক্ৰমত সন্নিবিষ্ট হৈ আছিল যদিও তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ দিনত বুৰঞ্জী বিষয়টো পাঠ্যক্ৰমৰ পৰা আতৰাই দিয়া হৈছিল।
বিভিন্ন সময়ত এই বিষয় টোৰ ক্ষেত্ৰত প্ৰতিবাদ আৰু দাবী জনাই অহা হৈছিল যদিও চৰকাৰে এইক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাছিল। কিন্তু পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ বুৰঞ্জী আৰু ভূগোল বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাত মুখ্যমন্ত্ৰীজনৰ এই পদক্ষেপক আদৰণি জনাইছে সংস্থাটোৱে।
২০২১ বৰ্ষৰ অসম বিধান সভা নিৰ্বাচনৰ প্ৰাক ক্ষণত অসমৰ ছয় জনগোষ্ঠীৰ মাজৰ পৰা কৌশলগতভাৱে মৰান,মটক আৰু কোচঁ ৰাজবংশীক সুকীয়াকৈ স্বায়ত্ব শাসন প্ৰদান কৰাৰ কথা ঘোষণা কৰিলে যদিও বাকী তিনিটা জনগোষ্ঠী ক্ৰমে আহোম,চুতীয়া আৰু চাহ জনজাতিক কি কাৰণে স্বায়ত্ব শাসন প্ৰদান কৰা নহ’ল তাক লৈও প্ৰশ্ন উত্থাপন কৰে সংস্থা টোৱে।
উল্লেখ যোগ্য যে নিৰ্বাচনৰ প্ৰাক ক্ষণত অসম চৰকাৰে আহোম জনগোষ্ঠীৰ উন্নয়নৰ বাবে ১২৫ কোটি টকাৰ এক বিশেষ সাহাৰ্য পুজিৰ কথা ঘোষণা কৰিছিল যদিও আজিলৈকে এই পুজি আৱন্টন হোৱা নাই। যাৰ পৰিপ্ৰেক্ষিতত সংস্থা টোৱে অসম চৰকাৰক এই পুজি শীঘ্ৰেই মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত আহোম সকলৰ সকলোবোৰ সমস্যা সমাধান কৰাৰো দাবী জনায়।