VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশ্বৰ এনে এখন দেশ য’ত মহিলাই টান কাপোৰ পৰিধান কৰাও অপৰাধঃ হ’ব পাৰে মৃত্যুদণ্ড

voicedesk by voicedesk
August 9, 2021
in সমাজ, জীৱন
বিশ্বৰ এনে এখন দেশ য’ত মহিলাই টান কাপোৰ পৰিধান কৰাও অপৰাধঃ হ’ব পাৰে মৃত্যুদণ্ড
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি আফগানিস্তানৰ উত্তৰৰ বাল্খ প্ৰদেশৰ পৰা প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে তালিবানী সন্ত্ৰাসবাদীয়ে এগৰাকী যুৱতীক টান পোছাক পৰিধান কৰা আৰু যাতায়তৰ সময়ত লগত কোনো পুৰুষ সংগী নথকাৰ বাবেই মৃত্যুদণ্ডৰে দণ্ডিত কৰে!

প্ৰতিবেদন অনুসৰি যুৱতীগৰাকীক তালিবানীয়ে উগ্ৰপন্থী দলটোৰ দ্বাৰা নিয়ন্ত্ৰিত চামাৰ কান্দিয়ান গাঁৱত গুলীয়াই হত্যা কৰিছিল। আৰক্ষীৰ ভাষ্য অনুসৰি আক্ৰমণৰ সময়ত প্ৰায় ২১ বছৰ বয়সৰ মহিলাগৰাকীয়ে বোৰ্খা পৰিধান কৰি সমগ্ৰ শৰীৰ ঢাকি ৰাখিছিল।

বাল্খৰ ৰাজধানী মাজাৰ-ই শ্বৰীফলৈ যাবলৈ এখন বাহনত উঠি মহিলাগৰাকী ঘৰৰ পৰা ওলাই যোৱাৰ পিছতেই আক্ৰমণৰ বলি হৈছিল বুলি প্ৰকাশ। অৱশ্যে তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে এই কথা অস্বীকাৰ কৰি কয় যে দলটোৱে এই বিষয়ে তদন্ত কৰি আছে।

তালিবানীয়ে অকলশৰীয়া বা বিধৱা মহিলাসকলক যোদ্ধাসকলক বিয়া কৰাবলৈ বাধ্য কৰি আহিছে। যেতিয়াই উগ্ৰপন্থীসকলে এখন নতুন চহৰ বা জিলা দখল কৰে, তেওঁলোকে স্থানীয় মছজিদৰ বক্তাৰ জৰিয়তে সকলো স্থানীয় চৰকাৰী বিষয়া আৰু আৰক্ষী কৰ্মীৰ পত্নী আৰু বিধৱাসকলৰ নাম অৱগত কৰাৰ বাবে আদেশ জাৰি কৰে বুলি প্ৰতিবেদনত প্ৰকাশ। স্থানীয় বাসিন্দা আৰু বিষয়াসকলে বাতৰি কাকতখনক জনোৱা অনুসৰি দলটোৱে শ শ যুৱতীক তেওঁলোকৰ উগ্ৰপন্থীৰ সৈতে ‘যুদ্ধলুটি’ হিচাপে বিয়া কৰাবলৈ ঘূৰাই আনিছে।

কিছুদিনৰ আগতে আমেৰিকাই দোহাত তালিবানীৰ লগত শান্তি চুক্তিত হস্তাক্ষৰ কৰে। চুক্তি অনুসৰি তালিবানী বা আল কায়দাই আমেৰিকাৰ অধীনৰ এলেকাত কোনো কুটাঘাট মূলক কাম নকৰে আৰু যুক্তৰাষ্ট্ৰয়ো তালিবানৰ সৈতে যুদ্ধ এৰাই চলিব।

ইয়াৰ পিছতেই তালিবানীয়ে আফগানিস্তানত পুনৰ যুদ্ধ আৰম্ভ কৰি দিছে। ইতিমধ্যে প্ৰায় ৩৬০০০ সাধাৰণ মানুহৰ মৃত্যু হৈছে। যুক্তৰাষ্ট্ৰয়ো সৈন্য অপসাৰণৰ কাম খৰতকীয়াকৈ হাতত লৈছে। বাতৰিত প্ৰকাশ পাইছে যে তালিবানীয়ে আফগানিস্তানৰ ৩৯৮ খন জিলাৰ ১৯৩ খন নিজৰ দখললৈ নিছে। ১৩০ খনত যুদ্ধ চলি আছে। ৭৫ খন জিলা ৰাষ্ট্ৰৰ হাতত আছে। সকলোতে আধিপত্য বিস্তাৰ কৰিবলৈ হয়তো বেছি সময় নালাগিব। 

তালিবানৰ অগ্ৰগতিৰ আশংকা কৰা পৰিয়ালবোৰে মহিলা আৰু ছোৱালীসকলক আফগানিস্তানৰ ৰাজধানী কাবুলকে ধৰি অন্যান্য সুৰক্ষিত অঞ্চললৈ পঠিয়াই আহিছে, যাতে তেওঁলোকক ধৰি লৈ যোৱাত বাধা প্ৰদান কৰিব পৰা যায়।

তাখাৰ আৰু বদাখশানৰ উত্তৰ আফগান অঞ্চলত মহিলাসকলক বলপূৰ্বক বিবাহ পাশত আৱদ্ধ কৰোৱাৰ কথা স্থানীয় বাতৰিত প্ৰকাশ পাইছে। আনহাতে বামিয়ান প্ৰদেশতো একে ধৰণৰ প্ৰচেষ্টা কৰা হৈছিল। তথ্য অনুসৰি ৪ দিনৰ ভয়ংকৰ যুঁজৰ পিছত বিদ্ৰোহী গোটটোক আফগান নিৰাপত্তা বাহিনীয়ে বিতাড়িত কৰিবলৈ সক্ষম হয়।

Previous Post

অচিৰেই দেশত উপলব্ধ হ‘ব একক পালিৰ ক‘ভিড ভেকচিন

Next Post

ৰেডমি ন’ট ৯ ফোনৰ ক্ষেত্ৰত ফ্লিপকাৰ্টে আগবঢ়াইছে বিশেষ সুবিধাঃ ৫০০০ টকা ৰেহাই মূল্যত কিনিব পাৰিব স্মাৰ্টফোন

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
ৰেডমি ন’ট ৯ ফোনৰ ক্ষেত্ৰত ফ্লিপকাৰ্টে আগবঢ়াইছে বিশেষ সুবিধাঃ ৫০০০ টকা ৰেহাই মূল্যত কিনিব পাৰিব স্মাৰ্টফোন

ৰেডমি ন’ট ৯ ফোনৰ ক্ষেত্ৰত ফ্লিপকাৰ্টে আগবঢ়াইছে বিশেষ সুবিধাঃ ৫০০০ টকা ৰেহাই মূল্যত কিনিব পাৰিব স্মাৰ্টফোন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7