তালিবানে আন্তৰ্জাতিক সম্প্ৰদায়ৰ সমৰ্থন লাভৰ উদ্দেশ্যেৰে সংস্কাৰমুখী আৰু প্ৰগতিশীল চিন্তাৰে দেশ পৰিচালনা কৰিব বুলি মন্তব্য কৰিছিল যদিও কাৰ্যত বিপৰীত ছবি এখনহে প্ৰতিফলিত কৰিছে। কিছুদিনৰ আগতে তালিবানৰ শিক্ষা মন্ত্ৰী শ্বেখ মল্ভি নুৰুল্লাহ মুনিয়ে ঘোষণা কৰিছিল যে আফগানিস্তানত এম এ, পি এইচ ডি শিক্ষাৰ কোনো মূল্য নাই।
তেখেতৰ মত অনুসৰি ক্ষমতাত অধিষ্ঠিত মোল্লা আৰু তালিবানৰ বহুতৰে উচ্চ শিক্ষাতো বাদেই হাইস্কুলীয়া শিক্ষাও নাই। তথাপি তেওঁলোক জ্ঞানী আৰু সন্মানীয়। এনে প্ৰেক্ষাপটত আনুষ্ঠানিক উচ্চ শিক্ষা অৰ্থহীন বুলিও মন্তব্য কৰিছিল শিক্ষা মন্ত্ৰীয়ে।
কেইদিনমানৰ আগতে আফগানিস্তানৰ শিক্ষানুষ্ঠান এখনৰ শ্ৰেণীকোঠা এটাৰ ছবি ভাইৰেল হৈছিল। য’ত ল’ৰা আৰু ছোৱালীবোৰৰ মাজত পৰ্দাৰ ব্যৱস্থা কৰি শিক্ষাদান হৈছিল। অৰ্থাৎ একেটা কোঠাতে ল’ৰা আৰু ছোৱালীৰ বাবে পৃথক শিক্ষাৰ ব্যৱস্থা!
শেহতীয়াকৈ কাবুল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদৰ পৰা বিশিষ্ট শিক্ষাবিদ ওচমান বাবুৰিক বৰ্খাস্ত কৰি তেওঁৰ পৰিৱৰ্তে তালিবানৰ ঘনিষ্ঠ মহম্মদ আশ্ৰফ ঘাইৰতক নতুন উপাচাৰ্য নিযুক্তি দিয়া হৈছে। জানিবলৈ পোৱা মতে উপাচাৰ্য হিচাপে বাবুৰি অতি শিক্ষিত আৰু যোগ্য ব্যক্তি আছিল। এগৰাকী পি এইচ ডি ডিগ্ৰীধাৰী ব্যক্তিৰ স্থানত কলাৰ স্নাতক ঘাইৰতক উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হ’ল।
বাতৰি অনুসৰি, তালিবান প্ৰশাসনৰ সিদ্ধান্তৰ প্ৰতিবাদত বৃহস্পতিবাৰে কাবুল বিশ্ববিদ্যালয়ৰ কমেও ৭০গৰাকী অধ্যাপকে পদত্যাগ কৰে। উল্লেখ্য যে বিশ্ববিদ্যালয়খনৰ পদত্যাগী অধ্যাপকসকলৰ মাজত কেইবাগৰাকীও বিভাগীয় মুৰব্বীও আছে। অধ্যাপকসকলে মন্তব্য কৰে যে তালিবান চৰকাৰৰ এনে সিদ্ধান্তই বিশ্ববিদ্যালয়খনৰ ভাৱমূৰ্তি তথা মৰ্যাদা হানি কৰিব।
আনহাতে তালিবান চৰকাৰে ঘাইৰতক সাময়িকভাৱেহে ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব দিয়া বুলি দাবী কৰিছে। ঘাইৰত ইয়াৰ পূৰ্বে আফগান চৰকাৰৰ শিক্ষা মন্ত্ৰ্যালয়ৰ এগৰাকী মজলীয়া পৰ্যায়ৰ বিষয়া আছিল। সেই সময়ত ইছলামিক শিক্ষা প্ৰসাৰৰ দায়িত্বত থকাৰ সূত্ৰে তেওঁৰ তালিবানৰ সৈতে যোগাযোগ হৈছিল।
নৱনিযুক্ত উপাচাৰ্য ঘাইৰতে টুইটাৰযোগে মন্তব্য কৰিছে যে আগন্তুক দিনত তেওঁ বিশ্ববিদ্যালয়খনত অধিক সংখ্যক ইছলাম সমৰ্থক বিদ্বানক নিয়োগ কৰিব। ইয়াৰ জৰিয়তে পাঠ্যক্ৰমবোৰ ইছলামীকৰণৰ পৰিকল্পনাত সহায় হ’ব বুলিও তেখেতে উল্লেখ কৰে।