বহুতো লোকক সচকিত কৰা এক ঘটনা অনুসৰি “All Saints Academy in Wyke Regis, Waymouth’’ ত বাথৰুমৰ দুৱাৰসমূহ আঁতৰাই দিয়া হৈছে। উল্লেখ্য যে এজন অভিভাৱকে অভিযোগ দিয়া মতে মাধ্যমিক বিদ্যালয় খনৰ ছাত্ৰীসকলক পাঠদানৰ সময়ত নিজৰ মাহেকীয়া হৈ থকা অৱস্থাতো নিৰ্দিষ্ট প্ৰমাণ অবিহনে বাথৰুম ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাই।
আচৰিত কথা এই যে পাঠদানৰ সময়ত বাথৰুমলৈ যাবলগীয়া হ’লে চিকিৎসকৰ লিখিত প্ৰমাণপত্ৰ থাকিলেহে যাবলৈ অনুমতি দিয়া হ’ব বুলি বিদ্যালয়ৰ কতৃপক্ষই জনাইছে।
অভিযোগ দিয়া অভিভাৱকগৰাকীৰ কন্যাই জনোৱা মতে মাহেকীয়া হৈ থকাৰ সময়ত তেঁওলোকে বিপদত পৰিবলগীয়া হ’ব। কাৰণ শিক্ষক , ছাত্ৰ তথা বিদ্যালয়লৈ অহা অন্য লোকৰ আগত তেঁওলোকে মুকলি ঠাইত কিদৰে নিজৰ মাহেকীয়াৰ সময়ত দুৱাৰ নথকা বাথৰুম ব্যৱহাৰ কৰিব।
ছাত্ৰীগৰাকীয়ে জনোৱা মতে বাথৰুমলৈ যাঁওতে তেঁওলোকে কোনো প্ৰকাৰেই সুৰক্ষিত অনুভৱ নকৰে। আনকি জানিবলৈ পোৱা মতে এগৰাকী ছাত্ৰী আৰু লগৰীয়া সকলক মাহেকীয়া সময়ত বাথৰুম যাবলৈ অনুমতি প্ৰদান কৰা হোৱা নাছিল আৰু এগৰাকী শিক্ষকে প্ৰত্যুত্তৰত “Hold on’’ বুলিহে কৈছিল ।
আনহাতে বিদ্যালয়খনৰ কতৃপক্ষই জনোৱা মতে বাথৰুমসমূহত ওখ দুৱাৰ আছে আৰু যিবোৰ পদক্ষেপ লোৱা হৈছে সেইয়া ছাত্ৰ-ছাত্ৰীৰ বিশেষ সুবিধাৰ্থেহে লোৱা হৈছে। বিদ্যালয়খনৰ প্ৰধান অধ্যক্ষ জন কৰ্নিছে জনোৱা মতে বাথৰুমৰ দুৱাৰ থকা ঠাইৰ পৰা কেৱল হাত ধোৱাৰ ঠাইখিনিহে দেখা পোৱা যায়।
উল্লেখ্য যে বিদ্যালয় কতৃপক্ষৰ মতে বিৰতি অথবা দুপৰীয়াৰ আহাৰ খোৱাৰ সময়তহে কেৱল বাথৰুমলৈ যাব পাৰিব ছাত্ৰ-ছাত্ৰী সকল। তেঁওলোকৰ মতে এনে অনুশাসনে ছাত্ৰ- ছাত্ৰীক ভাল অভ্যাস গঠন কৰাত সহায় কৰিব। ইয়াৰ উপৰিও টইলেট কাৰ্ড থাকিলেহে পাঠদানৰ মাজতে কোনো ধৰণৰ শাৰীৰিক অসুস্থতা হ’লে বাথৰুমলৈ যাব পাৰিব।