বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত জাপান সমগ্ৰ বিশ্বৰ ভিতৰতে এখন আগশাৰীৰ দেশ ৷ কিন্তু কেৱল বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰতেই নহয় প্ৰাকৃতিক ভাবেও অতি আকৰ্ষণীয় এইখন দেশ যি সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে ৷
জাপানত এতিয়া মাথোন সুন্দৰৰ পয়োভৰ ৷ সেই কথা প্ৰমাণ কৰিছে শেহতীয়াকৈ সামাজিক মাধ্যম ফেচবুকত জাপান চৰকাৰে আপলোড কৰা কেইখনমান আকৰ্ষণীয় ফটোৱে ৷ ফটোকেইখন আপলোড কৰি য’ত তেওঁলোকে লিখিছে যে প্ৰাকৃতিক শোভাৰে ভৰা দেশখনৰ উদ্যানসমূহে আকৰ্ষিত কৰিছে পৰ্য্যটকসকলক ৷ জাপানৰ ছাইটামা, টকিঅ’, ইয়ামানাছি আৰু নাগানো প্ৰিফেকচাৰৰ মাজেৰে বিস্তৃত ‘চিচিবু-তামা-কাই ৰাষ্ট্ৰীয় উদ্যান’খনে পূবৰ পৰা পশ্চিমলৈ প্ৰায় ৭০ কিলোমিটাৰ আৰু উত্তৰৰ পৰা দক্ষিণলৈপ্ৰায় ৪০ কিলোমিটাৰ বিস্তৃত ৷ আনহাতে অৰণ্য উপত্যকাৰে এই আকৰ্ষণীয় উদ্যানখনৰ প্ৰায় ২০০০ মিটাৰ অঞ্চলত আছে ওখ ওখ পাহাৰ।
ঋতুৰ লগে লগে ৰং সলনি কৰা অত্যন্ত সুন্দৰ প্ৰাকৃতিক শোভাৰ এই অঞ্চলটো পখিলা আৰু চৰাইৰ বাবে বিখ্যাত ৷ লগতে ২০১৯ চনত ইয়াৰ এটা অংশ ইউনেস্কোৰ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপেও তালিকাভুক্ত কৰা হৈছে ৷উল্লেখনীয় যে প্ৰাচীন কালৰ পৰাই পৰ্বত আৰু শ্বিন্টো মন্দিৰৰ বিশ্বাসৰ সৈতে জড়িত বহু বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতি আজিও ইয়াত জীয়াই আছে ।