VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সুৰাৰ বটলত গামোচা বিতৰ্ক

এইবাৰ নতুন এটি বিষয় লৈ ব্যস্ত অসমীয়া

voicedesk by voicedesk
April 4, 2023
in সমাজ
সুৰাৰ বটলত গামোচা বিতৰ্ক
0
SHARES
93
VIEWS
Share on FacebookShare on Twitter

কৰিশ্মা নাথ, নাহিদ আফ্ৰিন আৰু তাৰ পিছত সমন্বয় আদি বিষয়বোৰক এৰি এইবাৰ অসমৰ ৰাইজ ব্যস্ত হ’ল আন এক বিষয়বস্তুক লৈ৷অসমৰ সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি সামাজিক মাধ্যম সকলোতে মাত্ৰ এটাই চৰ্চা যে এইবাৰ সুৰাৰ বটলৰ বিহু সংস্কৰণেৰে লাঘৱ কৰিছে অসমীয়াৰ আদৰৰ বিহুৱান খনৰ সন্মান  ৷

কিন্তু সামাজিক মাধ্যম যোগে বহুজনেই আকৌ প্ৰশ্ন কৰিছে যে ৰঙা দেখিলে বুলিয়েই সেইখন অসমীয়াৰ আদৰৰ বিহুৱানখন বুলি কেনেকৈ ভাবিলে বাৰু?

টুইটাৰৰ পৰা আৰম্ভ কৰি ফেচবুকলৈকে সামাজিক মাধ্যম সমূহত বহুতেই সুৰাৰ বটলত গামোচাৰ তীব্ৰ বিৰোধিতা কৰি পোষ্ট দিয়াৰ বিপৰীতে বহুজনে আকৌ এই প’ষ্ট সমূহক লৈও বিভিন্ন  প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গৈছে৷  বহুজনে প্ৰশ্ন কৰিছে যে প্ৰকৃতাৰ্থত সেইখন অসমীয়াৰ স্বাভীমান গামোচা হয় জানো?

অৱশ্যেই নহয় ৷

এই ফট’কেইখনলৈ মন কৰিলে নিশ্চয় বুজিব পাৰিব যে এইয়া প্ৰকৃততে কৰ্ণাটকৰ ‘যক্ষগণা’ যি কৰ্ণাটকৰ স্বকীয় সংস্কৃতি পৰম্পৰাকহে প্ৰতিফলিত কৰে ৷ কিন্তু কোনো কাৰণতে ই অসমৰ বা অসমীয়াৰ স্বাভীমান গামোচা নহয় বা হ’ব নোৱাৰে  ৷

সমাজৰ চতুৰ্থ স্তম্ভ ৰূপে পৰিগণিত বহুকেইটা আগশাৰীৰ সংবাদ মাধ্যমে সুৰাৰ বটলত এইয়া অসমীয়াৰ স্বাভীমান গামোচা বুলি প্ৰকাশ কৰা প্ৰতিবেদন সন্দৰ্ভতো বিৰূপ মন্তব্য প্ৰকাশ কৰিছে বহু সচেতন ব্যক্তিয়ে ৷

সামাজিক মাধ্যম ফেচবুকত এই সন্দৰ্ভত পোষ্ট আপলোড কৰি বহুজনে অসমীয়াৰ স্বাভীমান বিনষ্ট হোৱা বুলি অভিযোগ কৰাৰ সময়তে কৃষ্ণমণি ভূঞা নামৰ এজন লোকে লিখিছে যে মদৰ বটলত গামোচা গামোচা বুলি টেঁটু ফালি প্ৰতিবাদ কৰা কেইটাই গামোচা চিনি পাই নে নাপায় সন্দেহ হয়  আৰু এই নিউজ চেনেলৰ সাংবাদিক সকলে এটা বাতৰি প্ৰচাৰ কৰা আগতে তাৰ বিষয়ে জানি ল’লে ভাল হয়।  এইখন যক্ষগণা, কৰ্ণাটকৰ সংস্কৃতিৰ লগত জড়িত সংগীত আৰু নৃত্যৰ ছবি,অসমীয়াৰ স্বাভিমান গামোচা নহয়। যক্ষগণা কৰ্ণাটকৰ সংস্কৃতিৰ বিষয়ে অলপ শিকাৰ চেষ্টা কৰিলেই বুজিব পাৰি যে এইখন অসমীয়াৰ গোমোচা হয় নে নহয়।তেওঁ পুনৰ কয় যে  মিছাতে বিতৰ্ক ৰ সৃষ্টি কৰি অযথা কামত মানুহক তাৰ লগত ব্যস্ত কৰাই ৰাখে এই নিউজ চেনল বোৰে। আনফালে লুটি আছে ৰজা মহাৰজাই।লগতে ই এক  সুন্দৰ পৰিকল্পনা আৰু সুন্দৰ পৰিবেশ বুলিও প’ষ্টটোত ব্যক্ত কৰে তেওঁ ৷

অৱশ্যে বিষয়টোক বহুল ভাৱে বিতৰ্কৰ আবেষ্টনীত থকাৰ পিছতো এনে ধৰণৰ বহু সচেতন ব্যক্তিৰ বাবেই হয়তো বহুজনে এই কথা উপলব্ধি কৰিব পাৰিছে যে ই অসমৰ গামোচা নহয় ৷

অৱশ্যে সুৰাৰ বটলত হ’লেও কৰ্ণাটকী সংস্কৃতিক  সমাজৰ মাজলৈ আগবঢ়াই দিয়া বা এখন ঠাইৰ এক অনন্য সংস্কৃতিৰ  বিষয়ে  আন দহজনক অৱগত কৰিব খোজা  সুৰাৰ প্ৰতিষ্ঠানটোৰ এই চেষ্টাও নিশ্চয় অমূলক নহয় ৷ সুৰাই সমাজ জীৱনত উশ্বৃংখলতাৰ সৃষ্টি কৰা বুলি ভবাৰ বিপৰীতে সুৰাৰ বটলৰ এই যোগাত্মক প্ৰকাশে নিশ্চয় সমাজলৈ এক  যোগাত্মক বাৰ্তাকেই  কঢ়িয়াই অনা যেন লগা নাইনে বাৰু?

 

 

Previous Post

অফিচত বহু সময় ভৰিৰ ওপৰত ভৰি তুলি বহি থাকে নেকি? কি শাৰিৰীক সমস্যাত ভুগিব পাৰে জানেনে ?

Next Post

ঢাকাৰ জনপ্ৰিয় বংগবজাৰত বিধ্বংসী অগ্নিকাণ্ড, ৫০খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিয়ন্ত্ৰণৰ চেষ্টা

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
ঢাকাৰ জনপ্ৰিয় বংগবজাৰত  বিধ্বংসী অগ্নিকাণ্ড,  ৫০খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিয়ন্ত্ৰণৰ চেষ্টা

ঢাকাৰ জনপ্ৰিয় বংগবজাৰত বিধ্বংসী অগ্নিকাণ্ড, ৫০খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিয়ন্ত্ৰণৰ চেষ্টা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7