দিনক দিনে নৱপ্ৰজন্মৰ মাজত ফেচবুকৰ চাহিদা কমি আহিছে। ইনষ্টাগ্ৰামৰ প্ৰতি তেওঁলোকৰ প্ৰৱণতা বৃদ্ধি পাইছে। যুৱক-যুৱতীসকলৰ মোবাইল ফোন চালেই ইনষ্টাগ্ৰামত ৰিল চোৱাত ব্যস্ত দেখা যাব। কেৱল চোৱাতে সীমাবদ্ধ নহয়, ৰিল বনোৱাতো আসক্ত যুৱপ্ৰজন্ম !
কেতিয়াবা ৰাস্তাত বা ৰেষ্টুৰেণ্টত, কেতিয়াবা সাগৰৰ পাৰত, কেতিয়াবা শোৱা কোঠাত যুৱক-যুৱতীসকলে ৰিল বনাইছে। কোনোবাই চখ হিচাপে বনাইছে। কোনোবাই স্বীকৃতি লাভৰ আশাত নিয়মিতভাৱে ৰিল বনাই ছ’চিয়েল মিডিয়া পেজত পোষ্ট কৰি আছে। কিন্তু একাধিক ৰিল বনোৱাৰ পিছতো একাংশ লোক হতাশ হয়। কিয়নো ৰিলটো কেতিয়াও ১০০ জনতকৈ অধিক লোকৰ ওচৰলৈ নাযায়। ইনষ্টাগ্ৰামত অনুৰাগীৰ সংখ্যা বৃদ্ধি কেনেদৰে কৰিব ?
১) আপোনাৰ প্ৰিয় গীতবোৰত নহয়, সেই মুহূৰ্তত ইনষ্টাগ্ৰামত আটাইতকৈ বেছি ট্ৰেণ্ডিং হোৱা গীতবোৰৰ ওপৰত ৰিল বনাওক। কিন্তু কেৱল গীতটোৱেই নহয়, আপোনাৰ বিষয়বস্তুও ভাল হ’ব লাগিব।
২) বিভিন্ন ভাষাৰ গীতৰ ওপৰত ৰিল বনালে প্ৰসাৰ বৃদ্ধি হয়! হিন্দী, ইংৰাজী গীতত ৰিল বনালে আপোনাৰ ৰিল বেছি মানুহৰ মাজলৈ যাব। ফলত আপোনাৰ ফ’ল’ৱাৰৰ সংখ্যাও বৃদ্ধি পাব। যিবোৰ গীতঅতি ট্ৰেণ্ডিং হয় সেইবোৰত আপুনি ৰিল বনাব পাৰে। ৰিলটো তথ্যসমৃদ্ধ হোৱাৰ লগতে মনোৰঞ্জনদায়কও হ’ব পাৰে।
৩) তথ্যসমৃদ্ধ ভিডিঅ’ শ্বুট কৰাৰ সময়ত ভিডিঅ’টোত কেপচন ব্যৱহাৰ কৰক। যদি ভিডিঅ’টোত বিষয়কেন্দ্ৰিক কেপচন দিয়া হয় তেন্তে দৰ্শকে বেছি ভাল পায়।
৪) ইনষ্টাগ্ৰামৰ সকলো বৈশিষ্ট্য ব্যৱহাৰ কৰিলে ভিডিঅ’ সমূহে অধিক দর্শকৰ আকর্ষণ লাভ কৰে। ভিডিঅ’ত অধিক প’ল, এছএফএক্স, ফিল্টাৰ, গীত, কেপচন, ষ্টীকাৰ ব্যৱহাৰ কৰক। আপোনাৰ ৰিলেও অধিক ভিউ পাব। কেৱল ইনষ্টাগ্ৰামতে নহয়, ফেচবুকতো ৰিল শ্বেয়াৰ কৰক।
৫) বহুতে ভাবে যে ভিডিঅ’টোৰ মানদণ্ড যিমানেই ভাল হ’ব সিমানেই ভিউ বেছি হ’ব। আৰু সেই ভিডিঅ’টো অধিক ভাইৰেল হ’ব। কিন্তু অলপ বুদ্ধিমত্তা খৰচ কৰিলে বুজিব যে ভাল ভিডিঅ’তকৈ বেছি ভিডিঅ’ দিয়াত গুৰুত্ব দিলে আপোনাৰ ভিউ বাঢ়িব। দৈনিক এটা ৰিল দিব লাগে। যিমানেই বেছি ভিডিঅ’ পোষ্ট কৰিব সিমানেই আপোনাৰ ইনষ্টাগ্ৰাম প্ৰফাইলে প্ৰচাৰ পাব ৷