আমাৰ হয়তো বহুলোকেই এই বিষয়ে অৱগত নহয় যে পৃথিৱীত এনে কিছুমান ঠাই আছে যি ঠাইলৈ বা কিছুমান দেশলৈ যাবলৈ এজন ভাৰতীয় লোকৰ পাছপ’ৰ্টৰ প্ৰয়োজন নহয়। যি সকলৰ বিদেশ ভ্ৰমণৰ হেঁপাহ আছে অথচ তেওঁলোকৰ পাছপ’ৰ্ট নাই তেনে ক্ষেত্ৰত তেওঁলোকে ফটো পৰিচয় পত্ৰ এখনৰ যোগেদিয়েই এই দেশবোৰলৈ যাবলৈ প্ৰয়োজনীয় অনুমতি লাভ কৰিব পাৰে ৷ আনহাতে ১৫ বছৰৰ তলৰ আৰু ৬৫ বছৰৰ ওপৰৰ ভাৰতীয় লোকসকলে এই দেশসমূহত কেৱল আধাৰ কাৰ্ডৰ যোগেদিয়েই প্ৰৱেশ কৰিব পাৰে ।
ভাৰতীয় সকলে পাছপ’ৰ্ট আৰু ভিছা অবিহনে যাত্ৰা কৰিব পৰা বিশ্বৰ দুখন দেশ হ’ল ভূটান আৰু নেপাল ৷
ভূটানলৈ কেনেকৈ যাব পাৰি-
ভূটান ভ্ৰমণ কৰিবলৈ বিচৰা ভাৰতীয় যাত্ৰীসকলে নিজৰ পাছপ’ৰ্ট লৈ তালৈ যাব পাৰে ৷ অৱশ্যে তাৰ বৈধতা হ’ব লাগিব নূন্যতম ৬ মাহ। কিন্তু যদি পাছপ’ৰ্ট নাই তেন্তে ভোটাৰ আইডি কাৰ্ডেৰেও যাব পাৰিব ভূটানলৈ।আনহাতে শিশু সকলক জন্মৰ প্ৰমাণ পত্ৰ বা একাডেমিক স্কুল আইডি কাৰ্ড লৈ যাবলৈ পৰামৰ্শ দিয়া হৈছে ভূটানলৈ । আমাৰ দেশ ভাৰত চুবুৰীয়া দেশ ভূটানৰ সৈতে পথ আৰু বিমান দুয়োটা পথেৰেই সংযুক্ত।
কেনেকৈ যাব পাৰি নেপাললৈ-
ভাৰতৰ সকলো প্ৰধান বিমানবন্দৰৰ পৰা নেপালৰ কাঠমাণ্ডুলৈ বিমান সেৱা আছে। ভাৰতীয়সকলক নেপাললৈ যাবলৈ কেৱল এনে এখন নথি লাগে যি ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ । ইয়াৰ বাবে এজন ভাৰতীয়ই নিজৰ ভোটাৰ আইডি কাৰ্ড বা ভাৰতীয় পাছপ’ৰ্টো দেখুৱাব পাৰে।
এই দেশসমূহ ভ্ৰমণৰ বাবে প্ৰয়োজন নহয় ভিছাৰ-
ভূটান আৰু নেপালৰ বাহিৰেও কিছুমান এনে দেশ আছে য’ত পাছপ’ৰ্টৰ প্ৰয়োজন হয় যদিও ভিছাৰ প্ৰয়োজন নহয়। ভাৰতীয় পাছপ’ৰ্টধাৰী হিচাপে এজন লোকে পূৰ্বৰ ভিছা অনুমোদন অবিহনেই সমগ্ৰ বিশ্বৰ ৫৮খন ঠাইলৈ যাব পাৰে।
মালদ্বীপ, মৰিচাছ, শ্ৰীলংকা, থাইলেণ্ড, মাকাও, ভূটান, কম্বোডিয়া, নেপাল, কেনিয়া, ম্যানমাৰ, কাটাৰ, উগাণ্ডা, ইৰাণ, ছিচেলছ আৰু জিম্বাবুৱে আদি ঠাই সমূহ হ’ল ভিছা অবিহনে ভাৰতীয়সকলে ভ্ৰমণ কৰিব পৰা বিশ্বৰ ভিতৰতে কেইখনমান অন্যতম ঠাই ।