শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে এতিয়া কেউফালে কেৱল আনন্দোল্লাস । দোকান পোহাৰ,পূজাৰ মণ্ডপসমূহকে আদি কৰি শিশুৰ পৰা বৃদ্ধসকললৈকে সকলো সাজু হৈছে দেৱী দুৰ্গাক আদৰিবলৈ।থিক এই সময়তে দেৱী দুৰ্গাৰ পূজা নাইবা ধৰ্মীয় দৰ্শনযুক্ত ভিন ভিন আলোচনাত ভাগ লৈছে সমাজৰ বৌদ্ধিক মহলে ।এই ক্ষেত্ৰত পিছ পৰি থকা নাই সামাজিক মাধ্যম সমূহো । জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকৰ যোগেদি পূজাবিষয়ক বহু উন্নত মানৰ লিখনী আগবঢ়াইছে বহু লিখকে।
এই সন্দৰ্ভত ফেচবুকত এটি গুৰুত্বপূৰ্ণ লিখনি প্ৰকাশ কৰিছে এগৰাকী মহিলাই। পতিতা গৃহৰ মাটিৰে দুৰ্গাদেৱীৰ মৃণ্ময় মূৰ্ত্তি নিৰ্মাণ কৰা কথাষাৰৰ প্ৰসংগত তেওঁ নিজৰ আইতাকৰ মুখেৰে, শুনা কিছু কথা লিখনীটোৰ মাজেৰে প্ৰকাশ কৰিছে। তেওঁ কয় যে সৰুৰে পৰা তেওঁলোকৰ ঘৰৰ একেবাৰে ওচৰতে থকা যোৰহাটৰ তৰাজান পূজা মন্দিৰটোত মূৰ্ত্তি নিৰ্মাণৰ কাম দেখি আহিছে তেওঁলোকে ।পূজা চলি থকা কেইদিন দেৱীৰ ওচৰত আৰতি কৰাৰ বাবে সন্ধিয়া সেই মন্দিৰত প্ৰায় ১৫ দিন মানৰ আগৰ পৰাই আৰতিৰ আখৰা কৰিবলৈ গৈছিল তেওঁলোক৷তেতিয়া তেওঁলোকে দেখিবলৈ পাইছিল যে ২জন খনিকৰে মা দুৰ্গাৰ মূৰ্ত্তি নিৰ্মাণ কৰিছিল আৰু কাম বিলাক চাই তেওঁলোক আনন্দিত হৈছিল। লগতে তেওঁলোকক সুধিছিল কেতিয়া ৰং কৰিব, কাপোৰ কেতিয়া পিন্ধাব পূজালৈ সম্পূৰ্ণ হ’বনে নাই ইত্যাদি নানানটা প্ৰশ্ন। এনে বিলাক কথাকে ঘৰলৈ গৈ আকৌ আইতাককো সুধি আমনি কৰিছিল আৰু তেতিয়া আইতাকে তেওঁলোকক মা দুৰ্গাৰ বিষয়ে বহু কথাই কৈছিল আৰু তেওঁলোকেও শুনিছিল বৰ আগ্ৰহেৰে ৷ কিন্তু সেই কথা বিলাক কিমান দূৰ শুদ্ধ বা অশুদ্ধ আছিল সেই বিষয়ে কোনোদিনে বিচাৰ কৰা নাই বা ভবাও হোৱা নাই ৷
তেওঁ কয় যে আইতাকে কোৱা কথাবোৰ আজিও মনতে সঁচা বুলিয়েই মানি আছে৷ আইতাকে মা দুৰ্গাৰ বিষয়ে কোৱা সেই কাহিনী বিলাকৰ মাজৰে এটা আছিল “ পতিতালয়ৰ মাটিৰে মা দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ৷” কিন্তু যিটো বয়সত সেই কাহিনী শুনিছিল তেওঁলোকে, সেই বয়সত পতিতালয় কি বস্তু একো বুজি পোৱা নাছিল৷
সেয়েহে তাৰে কিছু কথা আইতাকে কোৱাৰ দৰেই পাঠকসকললৈ আগবঢ়ালে তেওঁ ৷ আইতাকে কৈছিল, মা দুৰ্গাৰ মূৰ্ত্তিত কি মাটি ব্যৱহাৰ কৰা হয়৷ কৈছিল যে কুমাৰ মাটিৰ লগতে এডোখৰ বিশেষ ঠাইৰ মাটিও মৃণ্ময় মূৰ্ত্তি নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা হয় ৷সেই মাটি নিদিলে হেনো মা দুৰ্গাৰ মূৰ্ত্তি নিৰ্মাণ কৰিব নোৱাৰি৷ সেই ঠাই খিনিৰ নাম পতিতালয়৷ অৱশ্যে সেইসময়ত তেওঁলোকৰ শিশু মনবোৰে ভাবিছিল যে সেই ঠাই চাগে কোনোবা বিদেশত আছে তাৰ পৰাই আনে চাগে৷ কাৰণ তেতিয়া ইণ্টাৰনেটৰ ব্যবস্থা নাছিলেই আৰু আইতাকক সুধি যে জানি ল’ব লাগে সেই কথাটো তেওঁলোকৰো মনলৈ অহা নাছিল৷
আইতাকে কৈছিল কিয় ব্যৱহাৰ কৰা হয় এই মাটি। আগতে পৃথিৱীত বহুতো তপস্বীয়ে তপস্যাৰ বলেৰে দেৱতা সকলৰ পৰা বিভিন্ন বৰ বিচাৰিছিল আৰু সেই বৰ দেৱতা সকলে দিবলৈ বাধ্য হৈছিল৷সেয়েহে বহুবাৰ তপস্বীসকলৰ তপস্যা ভঙ্গ কৰিবলৈ স্বৰ্গৰপৰা বহুতো অপেস্বৰী পঠিয়াইছিল৷ অপেস্বৰী সকলেও তপস্বীৰ তপস্যা ভঙ্গ কৰি পৃথিৱীত বহুতো তেজস্বী পুত্ৰ পুত্ৰী জন্ম দিয়াৰ কথা আমি শুনিছো৷ আনফালে আকৌ বহুতে তপস্বীৰ তপস্যা ভঙ্গ কৰিব নোৱাৰিও ওভতি যাব লগা হৈছিল৷ অপেস্বৰী সকলে তেওঁলোকৰ কৰ্ম সিদ্ধি কৰিব পাৰক বা নোৱাৰক তেওঁলোক স্বৰ্গলৈ ওভতাৰ সময়ত হেনো সেই তপস্বী গৰাকীৰ ভৰিৰ তলৰ পৰা এমুঠি মাটি স্বৰ্গলৈ লৈ গৈছিল৷ আনহাতে অপেস্বৰী সকল থকাৰ স্থান আচুতীয়া আছিল আৰু সেই আচুতীয়া স্থানত তেওঁলোকে সেই মাটি ৰাখিছিল৷ অপেস্বৰী সকল আৰু কেৱল কামদেৱৰ বাদে সেই স্থানলৈ আন কাৰো যোৱাৰ অনুমতি নাছিল ।
তেনে সময়ত বহু কেইজন প্ৰবল প্ৰতাপী অসুৰে জন্ম লৈ স্বৰ্গ, মত্য, পাতালত ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু ব্ৰহ্মাৰ বৰ লাভ কৰি অধিক বলৱান হৈছিল৷ কোনো দেৱ দেৱীয়ে পৰাস্ত কৰিব পৰা নাছিল সেই অসুৰক৷ সেই দেখি সকলো দেৱ দেৱীৰ মাজত আলোচনা চলিল, যে কেনেকৈ অসুৰ বধ কৰিব পাৰি৷ তেনে সময়তে কোনো পুৰুষ বা মহিলাৰ দ্বাৰা জন্ম নোহোৱাকৈ কোনোবা এজনা সৃষ্টি কৰিবলৈ কামদেৱে ব্ৰহ্মাক ক’লে ৷ ব্ৰহ্মাই সেই কথা মানি ক’লে যে তেনেহ’লে মাটিৰ মূৰ্ত্তি নিৰ্মাণ কৰি তাত প্ৰাণ দিব লাগিব৷ তেনে কথা শুনি সকলো দেৱ দেৱীয়ে এবাৰ চেষ্টা কৰি চোৱাৰ মত দিলে৷ তাকে শুনি অপেস্বৰী সকলেও মাত দিলে যে মাটি বাৰু তেওঁলোকেই দিব৷ সেই কথা জানি ব্ৰহ্মাই দেৱ দেৱী সকলক জনালে যে তেওঁৰ বৰ দানত কোনো পুৰুষে অসুৰ কেইটাক বধিব নোৱাৰে, সেইহে তেওঁ মাটিৰে নাৰীৰ মূৰ্ত্তিহে নিৰ্মাণ কৰিব৷ কথা মতেই কাম৷ তেওঁ ন বিধ গছৰ পাতত নটা নাম দি এটা জুমুঠি বান্ধিলে৷সেই জুমুঠিটোকে আমি এতিয়া নৱ পত্ৰিকা বুলি কওঁ৷
যেনে- কলগছ ব্ৰহ্মণী,কচুকালিকা,হালধি_ দুৰ্গা,জয়ন্তীকাৰ্তিকী, বেলশিৱা, অশোক_ শোকৰহিতা,মানকচুচামুণ্ডা, ধানলক্ষ্মী, আৰু ডালিমৰক্তদন্তিকা বুলি জুমুঠি বান্ধি অপেস্বৰী সকলে দিয়া মাটিৰে লেপন দি এগৰাকী পূৰ্ণাংগ নাৰীৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰিলে আৰু সকলো দেৱ দেৱীকে মূৰ্ত্তিটোক প্ৰাণ দিবলৈ আহ্বান জনালে৷ সকলো দেৱ দেৱীয়ে নিজৰ নিজৰ ৰক্ত দান কৰিলে মূৰ্ত্তিটোত৷ মহাদেৱৰ তেজৰ পৰা শ্ৰীমুখ, যমৰ পৰা চুলি, কুবেৰৰ পৰা নাক,বায়ুৰ পৰা কাণ, অগ্নিৰ পৰা তিনি নেত্ৰ, সন্ধ্যা দেৱীৰ পৰা চেলাউৰি,ইন্দ্ৰৰ পৰা শৰীৰৰ মাজভাগ,বৰুণৰ পৰা উৰু, প্ৰজাতিৰ পৰা দাঁত, বিষ্ণুৰ পৰা বাহু, পৃথিৱীৰ পৰা নিতম্ব, চন্দ্ৰৰ পৰা স্তনযুগল, ব্ৰহ্মাৰ পৰা চৰণ যুগল,বসুৰ পৰা হাতৰ আঙুলি,সূৰ্য্যৰ পৰা ভৰিৰ আঙুলি, এনেকৈয়ে আন আন দেৱ দেৱীৰ তেজৰ পৰাই প্ৰাণ পাই উঠিল নাৰী মূৰ্ত্তিটোৰ সকলো অঙ্গ৷
তাৰ পিছত সকলো দেৱতাই নিজৰ শক্তি দান কৰিলে মূৰ্ত্তিটোত৷ তাৰপিছত মহাদেৱে _ ত্ৰিশূল, যমে _যমদণ্ড,বিষ্ণুৱেসুদৰ্শন চক্ৰ, ইন্দ্ৰইবজ্ৰ,বৰুণেশংখ আৰু নাগপাষ, পৱনেধনু,বিশ্বকৰ্মাই কুঠাৰ, ঐৰাৱতে ঘন্টা, ব্ৰহ্মাই_ অক্ষমালা,অগ্নিয়ে _শক্তিঅস্ত্ৰ আদি অস্ত্ৰ সস্ত্ৰ দান কৰাৰ লগতে সাগৰে _ পংকজমালা, হিমালয়ে নানা বিধ ৰত্নৰ লগতে দিলে সিংহটো৷ এনেদৰেই সেই নাৰীমূৰ্ত্তি সৰ্বশক্তিমান দশভূজা ত্ৰিনয়নী দেৱী দুৰ্গাই জীৱন্ত ৰূপ পাল আৰু নটা ৰূপ ধাৰণ কৰি অসুৰ বধিবলৈ সাজু হ’ল৷ সেই নটা ৰূপ হ’ল শৈলপুত্ৰী,ব্ৰহ্মচাৰিণী,চন্দ্ৰঘন্টা,কুষ্মাণ্ডা,স্কন্দমাতা, কাত্যায়নী,কালৰাত্ৰি,মহাগৌৰী,সিদ্ধীদাত্ৰী৷ পতিতালয়ৰ মাটিৰ কথা কৈ আইতাকে ইয়াকো ক’লে যে অপেস্বৰী সকলো একো একোগৰাকী পতিতাই আছিল, তেওঁলোকে পৃথিৱীলৈ আহি তপস্বী সকলৰ কামনা দমন কৰাৰ লগতে লম্পট চৰিত্ৰৰ কুলাঙ্গাৰ সকলকো বশ কৰি জীয়ৰী,বোঁৱাৰী সকলক সুৰক্ষিত কৰি সমাজখনক সুস্থিৰ কৰি ৰাখিবৰ চেষ্টা কৰিছিল৷সেই কাম এতিয়াও পতিতাসকলে কৰি আহিছে৷
তেওঁলোকৰ সামাজিক ভক্তিত সন্তুষ্টহৈ মা দুৰ্গাই আশীৰ্বাদ দি কৈছিল৷“যেতিয়াই যেতিয়াই পৃথিৱী বাসীয়ে মোক পুজিবলৈ মৃন্ময় মূৰ্ত্তিনিৰ্মাণ কৰিব তেতিয়াই তোমালোকৰো স্মৰণ কৰিব আৰু তোমালোকৰ গৃহৰ মাটিৰেই মোৰ প্ৰতিমা সাজিব আৰু ই তোমালোককো পৃথিৱীৰ এক অবিচ্ছেদ্য অঙ্গ হিচাপে মৰ্য্যদা দিয়াৰ ইঙ্গিত বহন কৰিব৷” সেয়েহে পতিতালয়ৰ মাটি মা দুৰ্গাৰ প্ৰতিমা সাজিবলৈ ব্যৱহাৰ কৰা হয় বুলি অংশুমালাৰ আইতাকে কৈছিল বুলি তেওঁ লিখনীটোৰ জড়িয়তে সুন্দৰকৈ প্ৰকাশ কৰিছে ৷
সেয়েহে দুৰ্গোৎসৱে সমাজৰ সকলো ভেদাভেদ আতৰাই মৈত্ৰী ভাৱেৰে উৎসাহিত কৰে আমাক৷
এইয়া আইতাকৰ মুখত শুনা কথাহে কোনো কিতাপত পঢ়া কথা নহয়৷ সেয়েহে যেন ইয়াক লৈ বিতৰ্কৰ সৃষ্টি নকৰে কোনেও তাৰ বাবে পাঠকসকলক টানি অনুৰোধ জনাই লেখিকাগৰাকীয়ে।