প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু প্ৰায় ১০০ টা ডবাযুক্ত পৃথিৱীৰ আটাইতকৈ দীঘল যাত্ৰীবাহী ৰে’লখনে শেহতীয়াকৈ চুইছ আল্পছ অতিক্ৰম কৰাৰ দৃশ্য ইতিমধ্যে সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছে ।চুইজাৰলেণ্ডৰ প্ৰসিদ্ধ ৰে’ল ব্যৱস্থাৰ ১৭৫ তম বাৰ্ষিকী উদযাপনত ৰহেতিয়ান ৰে’লৱেই (আৰএইচবি) দাবী কৰিছে যে এই বিশেষ ৰে’লখনে বিশ্বৰ আটাইতকৈ দীঘল যাত্ৰীবাহী ৰে’লৰ অভিলেখ ভংগ কৰিছে। যদিও ইয়াতকৈ প্ৰায় তিনি কিলোমিটাৰ দীঘল মালবাহী ৰে’ল আছে তথাপি এই ৰে’লখনক যাত্ৰীবাহী ৰে’ল হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে আৰু ই হৈছে বিশ্বৰ ভিতৰতে সবাতোতকৈ দীঘল যাত্ৰীবাহী ৰে’ল ৷
শনিবাৰে, প্ৰায় ৩,০০০ লোকে বাৰ্গুনৰ বাহিৰত থকা এখন বিশাল স্ক্ৰীণত এই ৰে’লখনৰ যাত্ৰা চাবলৈ টিকট ক্ৰয় কৰিছিল ৷ ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ মেণ্ডেৰিং আলবুলা/বেৰ্ণিনা ট্ৰেকেৰে ৰে’লখনে যাত্ৰা কৰাৰ সময়ত বহুতো লোক এই মোহনীয় দৃশ্য চাবলৈ পাহাৰীয়া ৰাস্তা আৰু খোজকাঢ়ি যোৱা পথৰ ওচৰতো একত্ৰিত হৈছিল ৷যি পথত আছিল তলৰ উপত্যকাৰ পৰা ৬৫ মিটাৰ ওপৰলৈ উঠা সুন্দৰ লেণ্ডৱাচাৰ ভায়াডাক্ট, ৪৮ খন দলং আৰু ২২ টা হেলিকেল সুৰংগ ।
উল্লেখনীয় যে এই বিশেষ ৰে’লখনত আছে ২৫ খন পৃথক কৰিব পৰা মাল্টিপল-ইউনিট ৰে’ল যিবোৰৰ দৈৰ্ঘ্য প্ৰায় ১৯১০ মিটাৰ। য’ত সাতজন চালক আৰু মুঠ ২১ জন টেকনিচিয়ানে নিশ্চিত কৰে যে ২৫ খন ৰে’লেই একেটা ট্ৰেকত আছে আৰু একেলগে গতি কৰি আছে বা ৰৈছে ।