VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশ্বৰ কেইবিধমান দামী খাদ্য: দাম শুনিলে চকু কপালত উঠিব আপোনাৰ

voicedesk by voicedesk
September 8, 2021
in সমাজ, অৰ্থনীতি, জীৱন
বিশ্বৰ কেইবিধমান দামী খাদ্য: দাম শুনিলে চকু কপালত উঠিব আপোনাৰ
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

পৃথিৱীত এনে বহুতো লোক আছে যি খাদ্যৰ প্ৰতি বিশেষভাৱে চৌখীন। এনে লোকে জীৱনত এবাৰ নহয় এবাৰ অলপ ব্যতিক্ৰম অথবা সকলোতকৈ দামী খাদ্য খাবলৈ আগ্ৰহ কৰে। আনহাতে এনে খাদ্য ৰন্ধা লোকসকলেও সদায় বেলেগ বেলেগ ধৰণৰ খাদ্য প্ৰস্তুত কৰিবলৈ চেষ্টা কৰে। পৃথিৱীত এনে কিছুমান খাদ্য আছে যাৰ দাম সপোনতো কল্পনা কৰিব নোৱাৰি। তথাপি খাদ্যৰ প্ৰতি চৌখীন লোকে এনে খাদ্য খোৱা দেখা যায়।

হাজাৰৰ পৰা লাখ টকাৰ হিচাপত বিক্ৰী হোৱা কিছুমান খাদ্যৰ বিষয়ে উল্লেখ কৰা হ’ল-

  • পিজ্জা খাই বেয়া পোৱা মানুহ হয়তো খুব কম। সাধাৰণতে খোৱা এটা পিজ্জাৰ দাম হয় ৩০০ ৰপৰা ১০০০ টকাৰ ভিতৰত। কিছু আচৰিত হ’লেও সঁচা যে নিউয়ৰ্ক চহৰত থকা “Udyog Kitchen” নামৰ এখন ৰেষ্টোৰাঁই পিজ্জা বিক্ৰী কৰে US$ 2,700 টকাত অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত প্ৰায় ২,০২,৯২৮ টকা। উল্লেখ্য যে এই পিজ্জা সোণৰ “Ossetra Caviar” , “Foie gras”, আমদানিকৃত বগা পনীৰ আৰু “Truffles” ৰে তৈয়াৰ কৰা হয়।
  • শিশুৰ পৰা বয়সস্থ সকলো লোকে পপকৰ্ণ খাই ভাল পায়। পপকৰ্ণ এনে এবিধ খাদ্য যাক ১০ টকাতো ক্ৰয় কৰিব পৰা যায়। কিন্তু বহুতো লোকে হয়তো বিশ্বাস নকৰিব যে পপকৰ্ণ লাখ টকাতো বিক্ৰী হয় এখন বিশেষ ঠাইত। প্ৰাপ্ত তথ্য মতে চিকাগ’ চহৰত “Berco’s Popcorn” বিক্ৰী হয় US$2,500 টকাত। ভাৰতীয় টকাৰ হিচাপত ইয়াৰ মূল্য ১,৮৭,৮৫৫ টকা। উল্লেখ্য যে এই পপকৰ্ণত থাকে পপকৰ্ণ কেৰামেল, ২৩ কেৰেট খোৱা উপযোগী সোণ আৰু “Lazo” নামৰ এবিধ সহজতে উপলব্ধ নোহোৱা বিশেষ নিমখ।
  •  বিৰিয়ানি প্ৰায় বহুতো লোকৰ  প্ৰিয় এবিধ সোৱাদযুক্ত খাদ্য। উল্লেখযোগ্য যে ডুবাইৰ “Bombay Borough” নামৰ এখন ৰেষ্টোৰাঁত এক প্লেট বিৰিয়ানিৰ দাম ২০,০০০ টকা। এই বিৰিয়ানিৰ নাম হৈছে “Royal Gold Biryani” যি  ২৩ কেৰেট সোণ , ৩ কিলো চাউল , বিভিন্ন মাংসৰ ব্যঞ্জন আৰু ৰাইটাৰ লগত পৰিবেশন কৰা হয়।
  • গ্ৰীষ্মৰ সময়ত সকলোৰে প্ৰিয় এক খাদ্য হৈছে আইচ-ক্ৰীম। বজাৰত বিভিন্ন ধৰণৰ তথা বেলেগ বেলেগ দামৰ আইচ-ক্ৰীম পোৱা যায়। কিন্তু আচৰিত যেন লাগিলেও সঁচা যে ডুবাইৰ “Scoop Café” নামৰ এখন কেফেত Black Diamond নামৰ এক আইচ-ক্ৰীম পোৱা যায় যাৰ দাম USD 817 অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত ৬১,৩৮৭ টকা। এই আইচ-ক্ৰীমত “Madagascar vanilla” আইচ-ক্ৰীম, ইটালিয়ান “Truffles”, ইৰানীয়ান “Saffron” আৰু খোৱা উপযোগী ২৩ কেৰেট সোণ পোৱা যায়। উল্লেখযোগ্য যে এই আইচ-ক্ৰীম “Versace” ব্ৰেণ্ডৰ পাত্ৰত পৰিবেশন কৰা হয়।
  • দিল্লীৰ “Connaught Place” নামৰ এখন ঠাইত এবিধ বিশেষ ধৰণৰ পাণ পোৱা যায়। এই পাণৰ দাম ৬০০ টকা। এই পাণখন ডাব নাৰিকল, শুকান খেজুৰ, ইলাচি, মিঠা চাটনি, মিঠা গোলাপ ফুলৰ পাহি , লং আৰু চেৰী আদিৰে তৈয়াৰ কৰা হয়। এই সমস্ত মচলাখিনি খোৱা উপযোগী সোণেৰে ঢাকি দিয়া হয় আৰু চেৰীৰ দ্বাৰা সজোৱা হয়। দেখিবলৈ ধুনীয়া হোৱাৰ লগতে খাবলৈও অতি সোৱাদযুক্ত এই পাণ।
Previous Post

গুৱাহাটী বিমান বন্দৰ সম্প্ৰসাৰণৰ নামত কাষৰীয়া গাঁৱৰ ৰাইজলৈ উচ্ছেদৰ জাননী, কোনো কাৰণতে ভূমি এৰি নিদিয়াৰ সিদ্ধান্ত গাওঁবাসীৰ

Next Post

অতিৰিক্ত উপায়ুক্ত-ৰাজহ চক্ৰ বিষয়াৰ সন্মিলনত মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ সকীয়নিঃমণ্ডল অফিচত দালালী নচলিব,যিয়েই দালালী কৰিব,গ্ৰেপ্তাৰ কৰা হ’ব

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
অতিৰিক্ত উপায়ুক্ত-ৰাজহ চক্ৰ বিষয়াৰ সন্মিলনত মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ সকীয়নিঃমণ্ডল অফিচত দালালী নচলিব,যিয়েই দালালী কৰিব,গ্ৰেপ্তাৰ কৰা হ’ব

অতিৰিক্ত উপায়ুক্ত-ৰাজহ চক্ৰ বিষয়াৰ সন্মিলনত মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ সকীয়নিঃমণ্ডল অফিচত দালালী নচলিব,যিয়েই দালালী কৰিব,গ্ৰেপ্তাৰ কৰা হ’ব

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7