ভাৰতত ভ্ৰমণ কৰিবপৰা এনে বহুতো ঠাই আছে, য’ত পৰ্যটকে খুব কম খৰচতে সেই ঠাইলৈ গৈ আনন্দ উপভোগ কৰিব পাৰে। সুন্দৰ প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ এই ঠাইসমূহ নিজৰ পৰিয়াল তথা বন্ধুবৰ্গৰ লগত ভ্ৰমণ কৰিব পৰাকৈ অতি কম খৰচতে সহজলভ্য। এই ঠাই সমূহ হ’ল –
- হিমাচল প্ৰদেশৰ স্পিতি ভেলী (Spiti Valley, Himachal Pradesh) নামৰ ঠাইত যিকোনো লোকে খুব কম খৰচতে ভ্ৰমণ কৰিব পাৰে। এই ঠাইত কেইবাটাও মঠ আছে।স্পিতি ভেলীৰ কিছুমান সৰু সৰু গাঁও যেনে – লাংগীয়া (Langja),কাউমিক (Kaumik),কিব্বেৰ (Kibber) আদিৰ সৌন্দৰ্য চালে চকুৰোৱা ।
- হিমাচল প্ৰদেশৰ টিৰ্থান ভেলী (Tirthan Valley, Himachal Pradesh) পৰ্যটকৰ বাবে এক আকৰ্ষণীয় ঠাই। এই ঠাই “river rafting” ৰ বাবে বিখ্যাত। আনহাতে এই ভেলীৰ প্ৰাকৃতিক দৃশ্যও অতি মনোমোহা।
- কৰ্ণাটকৰ গ’কাৰ্না (Gokarna, Karnataka) শান্ত পৰিবেশেৰে পৰিপূৰ্ণ এখন ঠাই । সাগৰৰ ঢৌৰ শব্দৰ লগত সূৰ্য অস্ত যোৱাৰ দৃশ্য উপভোগ কৰিবলৈ কম খৰচতে ইয়াতকৈ ভাল ঠাই ভাৰতত খুব কম। প্ৰাপ্তবয়স্ক লোকসকলৰ বাবে এই ঠাইত সময় কটাবলৈ অতি সুবিধাজনক ।
- কেৰেলাৰ ৱায়ানাড (Wayanad, Kerala) প্ৰকৃতিৰ সেউজীয়া দৃশ্যৰাজিৰ বাবে বিখ্যাত। বছৰৰ যিকোনো সময়ত এই ঠাইত ভ্ৰমণৰ বাবে যাব পাৰি। এই ঠাইৰ অভয়াৰণ্যৰ সৌন্দৰ্য অতি উপভোগ্য।