ভূত-প্ৰেত সম্পৰ্কে সকলো মানুহৰ মতামত বেলেগ বেলেগ। কিছুমান মানুহে ভূত বিশ্বাস কৰে আৰু কোনোৱে আকৌ ইয়াক কেৱল ভ্ৰম বুলিহে গণ্য কৰে। বহুতে আকৌ ভূত স্ব-চক্ষে দেখাপোৱা বুলিও দাবী কৰে ৷ তেওঁলোকৰ মাজৰে একাংশ লোকে তেওঁলোকৰ ভূতৰ সৈতে হোৱা ভয়ংকৰ অভিজ্ঞতাৰ কথাও শ্বেয়াৰ কৰে।
অবিশ্বাস্য যেন লাগিলেও এই কথা অস্বীকাৰ কৰিব নোৱাৰি যে গুগল মেপৰ যোগেদি ভূতৰ জগতখনৰ প্ৰমাণ পাইছে মানচেষ্টাৰৰ বাসিন্দা সকলে । আচলতে সামাজিক মাধ্যমত মানচেষ্টাৰৰ কিছুমান ডাঙৰ ডাঙৰ বিল্ডিঙৰ ছবি শ্বেয়াৰ কৰা হৈছিল ।কিন্তু বিশেষ কথাটো হ’ল সামাজিক মাধ্যমত আপলোড কৰা এই অট্টালিকাবোৰ কেৱল গুগল মেপতহে দেখা পোৱা যায়। আনহাতে বাস্তৱত সেই ঠাইত তেনে কোনো অট্টালিকাৰ অস্তিত্বই নাই।
আচলতে এগৰাকী টুইটাৰ ব্যৱহাৰকাৰী কিম্বাৰ্লিয়ে এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে য’ত মানচেষ্টাৰ ব্ৰীজ ষ্ট্ৰীটৰ ওচৰৰ গুগল মেপত কেইবাটাও বৃহৎ অট্টালিকা আৰু স্থানীয় মেজিষ্ট্ৰেট ক’ৰ্টৰ ওচৰৰ ল’ৰী হোটেল দেখা পোৱা গৈছে। এই অট্টালিকাবোৰক ‘ফেণ্টম বিল্ডিংছ’ হিচাপে নামাংকণ কৰা হৈছে । লগতে কোৱা হৈছে যে গুগল মেপত দেখা পোৱা এই অট্টালিকাবোৰ ভয়ংকৰ আৰু বাস্তৱত ইয়াৰ কোনো অস্তিত্বই নাই।
গুগল মেপত এই ভৌতিক অট্টালিকাবোৰ দেখাৰ পিছত বহুতে ইয়াক আন এখন পৃথিৱীৰ বুলি আভিহিত কৰিছে । অৱশ্যে মানচেষ্টাৰত এনে অট্টালিকা বা ভৌতিক কাণ্ড এয়াই প্ৰথম নহয়। ইউ এফ অ’ৰ পৰা আৰম্ভ কৰি এলিয়েনলৈকে ইয়াত বহুত কিবা কিবি দেখা বুলি নাগৰিক সকলে দাবী উত্থাপন কৰি আহিছে।
সামাজিক মাধ্যমত এই ছবি ভাইৰেল হোৱাৰ পিছত বহুতে তেওঁলোকৰ অনুৰূপ অভিজ্ঞতা কিছুমান সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে । বহুতে ভূত দেখা আৰু মাজে মাজে ইউ এফ অ’ দেখাৰ কথাও জনাইছে। আনহাতে ইয়াৰ বাসিন্দা ডেভে কৈছে যে তেওঁ ৭০ৰ দশকৰ পৰাই এই পেৰানৰ্মেল কথাবোৰ দেখি আৰু শুনি আহিছে। তেওঁ কয় যে মানচেষ্টাৰত এনেকুৱা কিবা এটা আছে যাৰ ৰহস্য আজিও পোহৰলৈ অহা নাই।