অসম বৰ্তমান শিশু-মহিলা-যুৱতী কাৰো বাবেই সুৰক্ষিত হৈ নাই। এই কথা এতিয়া কেৱল অভিযোগ নহয়, সমীক্ষা অনুসৰি ভাৰতৰ ভিতৰতে নাৰী নিগ্ৰহৰ ঘটনাত অসমে দ্বিতীয় স্থান লাভ কৰিছে। নীতি আয়োগৰ সমীক্ষাত ভাৰতে নিম্নস্থান লাভ কৰাৰ এটা প্ৰধান কাৰণ আছিল নাৰীজনিত বিভিন্ন সমস্যা, সেয়া লাগে নিগ্ৰহ, ধৰ্ষণ অথবা প্ৰসূতিৰ মৃত্যুয়েই হওক।
বহুকেইগৰাকী অভিভাৱকে মন্তব্য কৰিছে কন্যা সন্তানৰ দায়িত্ব পালন কৰিবলৈ এইখন সমাজত তেওঁলোক অপাৰগ হৈ পৰিছে। এফালে সময়ৰ সৈতে খোজ দিবলৈ নাৰী-পুৰুষ নিৰ্বিশেষে সমমৰ্যদা, সমঅধিকাৰৰ প্ৰসংগ! আনহাতে নিগ্ৰহ-ধৰ্ষণৰ ভয়াবহ খবৰ।
কিন্তু এইখন সমাজতে ব্যতিক্ৰমো আছে। কিছু প্ৰশিক্ষণ আৰু মানসিক বলেৰে নাৰীয়েও নিজকে এক শক্তিশালী স্থানলৈ উন্নীত কৰিব পাৰে। লাভলীনা বৰগোঁহাইৰ বক্সিঙত অলিম্পিক মেডেল লাভ অসমৰ মহিলা-যুৱতীৰ বাবে এক প্ৰেৰণা। ইয়াৰ মাজতে সাহসিকতাৰ উদাহৰণ হৈ পৰিছে নগাঁৱৰ তিনিগৰাকী যুৱতী।
দৈনিক অসম কাকতৰ এটা বাতৰি অনুসৰি নগাঁৱৰ তিনি যুৱতী ৰুবিত্ৰা পাটৰ, ইন্নাচ বেগম আৰু শিল্পী শিখা বৰাই সোমবাৰে আবেলি চহৰৰ নেহেৰুবালি খেলপথাৰত শাৰিৰীক তথা ক্ৰীড়াৰ অনুশীলন কৰি আছিল। সেই সময়তে দুজন ড্ৰাগছ আসক্ত যুৱক প্ৰত্যক্ষ কৰি তেওঁলোকে যুৱককেইজনক সেই স্থানৰ পৰা আঁতৰি যাবলৈ অনুৰোধ কৰে।
প্ৰথম অৱস্থাত দুয়োজনে যুৱতী তিনিগৰাকীৰ কথাত গুৰুত্ব নিদি অভব্য আচৰণহে কৰে। কিন্তু ভয় নকৰি তিনিওগৰাকীয়ে ড্ৰাগছ আসক্ত কেইজনক কৰায়ত্ত কৰে। পৰৱৰ্তী সময়ত সেই স্থানত অন্যান্য লোক উপস্থিত হৈ দুয়োকে আৰক্ষীৰ হাতত গতাই দিয়ে।
নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই তিনিওগৰাকীকে ধন্যবাদ জ্ঞাপন কৰি চকলেট উপহাৰ দিয়ে আৰু নেহেৰুবালি অঞ্চলত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তুলিবলৈ নিৰ্দেশ দান কৰে।
অসম চৰকাৰে শূণ্য সহনশীলতাৰে আৰম্ভ কৰা ড্ৰাগছবিৰোধী অভিযানৰ প্ৰতি ৰাইজৰ এনে স্বতঃস্ফূৰ্ত সঁহাৰি আশাব্যঞ্জক বুলি বহুতে মন্তব্য কৰিছে। আনহাতে অসমত এতিয়াও প্ৰায় তিনি লাখ ড্ৰাগছ ব্যৱহাৰকাৰী আছে বুলি সমীক্ষাত প্ৰকাশ পাইছে। তেনে স্থলত ৰাইজ-প্ৰশাসন সকলোৰে সহযোগতহে ড্ৰাগছমুক্ত অসমৰ সপোন সম্ভৱ হৈ উঠিব বুলি ভাবিব পাৰি।