চৰাইদেউ জিলাৰ লাকুৱা নিবাসী তিলেশ্বৰ সন্দিকৈ আগ্ৰহী খেতিয়ক সকলৰ বাবে আদৰ্শস্বৰূপ। ৪১ বছৰ আগতে বনাঞ্চলত হাজিৰা কৰি সপ্তাহত ৩৬ টকা উপাৰ্জন কৰা মানুহজনে আজি মাহে লাখ টকাৰ অধিক উপাৰ্জন কৰে।
“জীৱনে দিয়া অভিজ্ঞতাৰ পৰাই সকলো শিকিছো। দেউতাইও খেতি কৰা নাছিল। কিন্তু মাটি আৰু খেতিৰ লগতে প্ৰকৃতি সম্পৰ্কে কিছু জ্ঞান ব্যৱহাৰিক অভিজ্ঞতাৰ পৰা লাভ কৰিছো। সেইবোৰ প্ৰয়োগ কৰিয়েই খেতিৰ ক্ষেত্ৰত আগবাঢ়িছো”- স্বকীয় পদ্ধতিৰে ৪০ বিঘাৰো অধিক মাটিত খেতি কৰি সফল খেতিয়ক ৰূপে পৰিচিত তিলেশ্বৰ সন্দিকৈৰ ভাষ্য এয়া।
খেতি কৰাৰ সিদ্ধান্ত তেখেতৰ বাবে আছিল সম্পূৰ্ণ আকস্মিক। ঘৰৰ কল এথোকা বেচি এবাৰতে ২৫ টকা লাভ কৰা কিশোৰজনৰ মনলৈ আহিছিল সপ্তাহৰ মূৰৰ হাজিৰা আৰু এবাৰতে লাভ কৰা কল বেচা টকাৰ অংকটো। ৰাতি চিন্তা কৰি অপৈনত বয়সৰ কিশোৰ জনে এটা পৈনত সিদ্ধান্ত লৈছিল- “শণিবাৰে ৰাতি গোটেই কথাবোৰ ভাবিলো। পাছদিনা দেওবাৰ তাতে আহিনৰ পূৰ্ণিমাও। পুৱা উঠিয়েই বাৰীত কলপুলিবোৰহে ৰুলোগৈ!”
অৱশ্যে এই যাত্ৰা মসৃণ নাছিল। বয়স আৰু শূণ্য অভিজ্ঞতাই বেমেজালিৰ সৃষ্টি কৰিছিল। গছ ৰুই ফললৈ কৰা অপেক্ষাবোৰত ভোকৰ ভাতসাজৰ বাবে বনাঞ্চলৰ খৰি মনে মনে বিক্ৰী কৰিবলৈ বাধ্য হৈছিল মানুহজন। কিন্তু কৰ্মত বিশ্বাসী কিশোৰ মনে এয়া মানি ল’ব পৰা নাছিল। পেট প্ৰৱৰ্তাবলৈ প্ৰায় ৫ টা বছৰ বাঁহ, বেত, ডলা, চালনী তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰিছিল। খেতিৰ কামত এটা সুস্থিৰ পৰ্যায় অহালৈকে এই কাম তেওঁ একাগ্ৰতাৰে কৰি গৈছিল।
কেৱল খেতিয়েই নহয় নিজে থকা বাসস্থান আনকি ঘৰৰ বিদ্যুৎ সংযোগ পৰ্যন্ত নিজে কৰা মানুহজনে কেৱল কামৰ কথাই কয়। ঘৰৰ মাটিতে খেতি আৰম্ভ কৰি পাছলৈ তেখেতে নিজাববীয়াকৈ বহু মাটি ক্ৰয় কৰে। কল, জালুক, তামোল, নাৰিকলৰ লগতে বতৰৰ শাক-পাচলি আৰু ফল-মূলৰ খেতিৰে এতিয়া এখন উভৈনদী বাগান। ইয়াৰ লগতে মাছ, গাহৰি, ব্ৰয়লাৰ, কুকুৰা, ছাগলীৰ পামৰ পৰাও বছৰি বহু টকা উপাৰ্জন হয়।
তিলেশ্বৰ সন্দিকৈ ডাঙৰীয়াৰ খেতিৰ প্ৰধান বৈশিষ্ট্য এয়ে যে সকলো গছ মানুহজনে নিজে ৰোৱা। পৰিয়ালৰ লোকৰ সহায় ল’লেও খেতিৰ লগত জড়িত বেছিভাগ কাম নিজে কৰিবলৈকে তেখেতে পচন্দ কৰে। এতিয়া কৃষিৰ জৰিয়তে বহুকেইটা পৰিয়ালক সন্দিকৈ ডাঙৰীয়াই পোহপাল দি আছে। বহু উদ্যমী যুৱকে তেখেতৰ শিক্ষাৰে খেতি কৰি সফলতা লাভ কৰিছে। তেখেতৰ ভাষাৰে- ” খেতিৰ কথা জানিবলৈ ল’ৰা-ছোৱালীবোৰ আহে। মই যিমান পাৰো শিকাও। পাছত যেতিয়া সিঁহতৰ ভাল হোৱা দেখো ভাল লাগে। আমাক মাটিয়ে নঠগে। অলপমান অধ্যয়ন কৰিয়েই আমি মাটিক আপোন কৰি ল’ব পাৰো।”