বিশ্ববিখ্যাত ‘টাইম’ আলোচনীয়ে বছৰি বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ১০০জন লোকৰ তালিকা প্ৰস্তুত কৰাৰ কথা সকলোৰে জ্ঞাত। এইবাৰো আলোচনীখনে ইয়াৰ ব্যতিক্ৰম কৰা নাই। উল্লেখ্য যে বিশ্বৰ বিভিন্ন ব্যক্তিৰ তালিকাত সন্নিৱিষ্ট এটা নামে সম্প্ৰতি বিশেষ চৰ্চা লাভ কৰিছে।
এইবাৰ টাইম আলোচনীয়ে তালিবান নেতা তথা আফগানিস্তানৰ উপ-প্ৰধানমন্ত্ৰী মোল্লা আব্দুল ঘানী বৰাদাৰকো বিশ্বৰ এশগৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান দিছে। এই পৰিচয়ৰ লগতে তেওঁ আছিল ‘ডোহা চুক্তি’ বা আফগানিস্তানত শান্তি প্ৰতিষ্ঠাৰ বাবে কৰা চুক্তিৰো অন্যতম গুৰি ধৰোতা। উল্লেখ্য যে আফগানিস্তানত যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে ২০২০চনৰ ২৯ ফেব্ৰুৱাৰীত আমেৰিকা আৰু তালিবানৰ মাজত এই চুক্তি স্বাক্ষৰ হৈছিল।
শেহতীয়াকৈ আফগানিস্তানত তালিবানৰ উত্থানৰ আঁৰত আব্দুল ঘানীৰ ভূমিকাৰ কথা আলোচনীখনে উল্লেখ কৰিছে। তেওঁৰ পৰামৰ্শমতেই তালিবান চৰকাৰে প্ৰায়বোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ কথাও উল্লেখ কৰা হৈছে। তেখেতক এজন আকৰ্ষণীয় সামৰিক নেতা আৰু গভীৰ ধাৰ্মিক ব্যক্তি বুলি বৰ্ণনা কৰা হৈছে। বৰাদাৰক জো বাইডেন আৰু ঝি জিনপিঙৰ দৰে প্ৰভাৱশালী নেতা হিচাপে তালিকাভুক্ত কৰা হৈছে।
আনহাতে তালিবানৰ সহপ্ৰতিষ্ঠাপক হ’লেও তথা তালিবানৰ এই নতুন অৱতাৰত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিলেও চৰকাৰত তেওঁক নিম্নস্থান দিয়া বুলিও ধাৰণা কৰা হয়। এনেবোৰ পৰিঘটনাৰ মাজতে তেওঁক টাইমৰ বিশেষ তালিকাত নিৰ্বাচিত কৰাটো গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, চিৰাম ইনষ্টিটিউটৰ মুখ্য কাৰ্যবাহী বিষয়া আদাৰ পুনাৱালাক টাইম আলোচনীয়ে ২০২১ চনৰ ১০০ জন আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান দিয়া পৰিলক্ষিত হৈছে।
এই তালিকাৰ শীৰ্ষত থকা বিশ্ব নেতাকেইগৰাকী হৈছে, মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন, উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ, চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং, প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, প্ৰিন্স হেৰী আৰু মেঘান আদি।