জীৱন আৰু মৃত্যু এয়া চিৰন্তন সত্য , চিৰ শাস্বত। মৃত্যুৱেই আটাইতকৈ চিৰন্তন সত্য ঘটনা।
গোৱালপাৰা জিলাৰ কৃষ্ণাই নিবাসী হৰেন্দ্ৰ নাৰায়ণ দাসৰ ১৯/১১/২০২২ তাৰিখে ৯৮ বছৰ বয়সত পৰলোক প্ৰাপ্তি হয়।
‘হৰেন্দ্ৰ নাৰায়ণ দাস’ নামেৰে ৬০ দশকৰ পৰাই কৃষ্ণাই চহৰৰ প্ৰথম আৰু একমাত্ৰ বাতৰি কাকতৰ এজেঞ্চিটো তেখেতে চলাই আহিছিল । ১৯২৪ চনৰ ২২ অক্টোবৰত জন্ম গ্ৰহণ কৰা ৺ হৰেন্দ্ৰ চন্দ্ৰ দাসে কৃষ্ণাইত কৰ্ম জীৱনৰ পাতনি মেলিছিল। ৬০ ৰ দশকত এখন পিছপৰা অঞ্চলত বাতৰি কাকতৰ যোগান ধৰি সৰ্বসাধাৰণক পোহৰৰ বাট দেখুৱাই দিয়া তেখেত সকলোৰে শ্ৰদ্ধাৰ আছিল ।
এজন অতি বয়োজেষ্ঠ্য আৰু সমাজৰ শুভ চিন্তক ব্যক্তিৰ মৃত্যুত অঞ্চলবাসীয়ে শোক প্ৰকাশ কৰিছে।
আজি ইং ০১/১২/২০২২ তাৰিখ বৃহস্পতি বাৰে তেখেতৰ আদ্যশ্ৰাদ্ধৰ দিনা তেখেতলৈ জঁনালো শ্ৰদ্ধাঞ্জলি। তেখেতৰ বিদেহী আত্মাই শান্তি লাভ কৰক। ঔম শান্তি ঔম শান্তি।