মৃত্যু চিৰসত্য । জন্মিলে মৃত্যু হ’বই। তথাপি কিছুমান মৃত্যুত সমাজৰ অপূৰণীয় ক্ষতি হয়। ৫/১২/২০২২/তাৰিখত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ অন্তৰ্গত কামৰূপ লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সম্পাদিকা ধৰ্মপ্ৰাণা মহিলা , অতিকৈ মৰমিয়াল নীলিমা গোস্বামী শৰ্মাৰ পৰলোক প্ৰাপ্তি হয়। তেখেতৰ অকাল মৃত্যুত শোকগ্ৰস্ত হোৱাৰ লগতে দিশপুৰ লেখিকা সমাৰোহ সমিতিৰ সকলো বিষয় ববীয়া আৰু সদস্যাই তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে ১ মিনিট সময় মৌনব্ৰত পালন কৰে আৰু বিদেহী আত্মাৰ সদগতি কামনা কৰি প্ৰাৰ্থনা জনায়। ঔম শান্তি।ঔম শান্তি।।
সভানেত্ৰী সম্পাদিকা
ড°সুলেখা চক্ৰৱৰ্তী নীতা চক্ৰৱৰ্তী