আমি যান্ত্ৰিকতাৰ গ্ৰাসত পৰিছো বুলি মাজে মাজে ভাবিবলৈ মন যায় যদিও কেতিয়াবা কিছুমান লোকৰ কিছু ব্যতিক্ৰমী চিন্তাই আমাক এই বিশ্বাস দিয়ে যে হয় পৃথিৱীত এতিয়াও মানৱতা শেষ হোৱা নাই ৷ শেষ হোৱা নাই দুখৰ দিনত আৰ্তজনৰ কাষত থিয় হ’ব পৰা এমুঠি মানুহৰ সাহস ও মহানুভৱতা৷
তেনে এক মহানুভৱতাৰ উদাহৰণ উৎপল শিৱম নামৰ এই যুৱক যি পেছাত এজন চৰকাৰী শিক্ষক ৷ উৎপল শিৱম নামৰ এই যুৱকজনৰ ব্যক্তিগত প্ৰচেষ্টাত কালি এজন বিশেষ ভাৱে সক্ষম ব্যক্তিলৈ আগবঢ়োৱা হ’ল শক্তিশালী পাইপ আৰু ধাতুৰে নিৰ্মিত এখন ট্ৰাই চাইকেল ৷ অৱশ্যে সামাজিক মাধ্যমত যুৱকগৰাকীয়ে এই কথা প্ৰচাৰ কৰাৰ পিছতেই তেওঁৰ এই সৎ চিন্তা ও কাৰ্যত সহযোগ কৰিবলৈ আগবাঢ়ি আহে বহুকেইজন মানৱদৰদী লোক ৷ যাৰ বাবে মূল্যবান শক্তিশালী পাইপ আৰু ধাতুৰে নিৰ্মিত ব্যয়বহুল ট্ৰাই চাইকেলখন লোকজনক দিবলৈ সক্ষম হয় উৎপল ৷
বিশ্বনাথ জিলাৰ চতিয়া সমষ্টিৰ বুকুভঙা গাঁৱৰ চন্ত চবৰ নামৰ বিশেষভাবে সক্ষম ব্যক্তিজনৰ বয়স ৫৩ বছৰ। ব্যক্তিজনৰ ভৰি দুখন সম্পূৰ্ণ অকামিলা আৰু অসাৰ । যিহেতু দোকানৰ পৰা ক্ৰয় কৰা ৰে’ডিমেড (readymade) ত্ৰাই চাইকেলবোৰ সোনকালে ক্ষয়প্ৰাপ্ত হয় সেয়েহে গোলাঘাটত অংকুৰ শইকীয়াৰ তত্বাবধানত মূল্যবান শক্তিশালী পাইপ আৰু ধাতুৰে নিৰ্মাণ কৰা হয় এই ট্ৰাইচাইকেলখন ৷ যাতায়তৰ খৰচ বাদ দি যাৰ মূল্য ২২,০০০ টকা ।
এই ট্ৰাই চাইকেলখন গোলাঘাট সমিতিৰ সহযোগত গোলাঘাটৰ পৰা বিশ্বনাথত, উৎপল শিৱমৰ ঘৰত দি থৈ যায় ‘গোলাঘাট ৱাৰিয়’ৰছ্’ৰ বিষয়ববীয়া জয়ন্ত বৰাই আৰু ২০ ছেপ্টেম্বৰ তাৰিখে উৎপল শিৱমৰ বিশ্বনাথ জিলাৰ নাগশংকৰৰ নিজা ঘৰত চন্ত চবৰ নামৰ লোকজনক এই ট্ৰাই চাইকেলখন উপহাৰ দিয়া হয় ।
আৰ্তজনৰ ওচৰত থিয় হৈ তেওঁৰ সহায়ৰ হাতখন আগবঢ়াই দিবলৈ সাহসিকতাৰে আগবঢ়া উৎপল শিৱমৰ দৰে যুৱক নিশ্চয় সমাজৰ এক আদৰ্শ ৷ লগতে সেইসকল ব্যক্তি যি তেওঁৰ সুস্থ সবল চিন্তাক আগবঢ়াই নিবলৈ দিলে সাহস আৰু অনুপ্ৰেৰণা ৷
সেয়েহে চাইকেলখন তৈয়াৰ কৰাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱা প্ৰতিজন লোককে কৃতজ্ঞতা জ্ঞাপন কৰি বিশ্বনাথৰ মানৱ দৰদী যুৱক উৎপল শিৱমে কয় যে পৃথিৱীত এতিয়াও মানুহ আৰু মানবীয়তা নোহোৱা হৈ যোৱা নাই মানুহ আগুৱাই আহিছেই ৷
তেওঁ জানিবলৈ দিয়া মতে তেওঁলোকৰ এই যাত্ৰা ভৱিষ্যতেও অব্যাহত থাকিব ৷ শাৰদীয় দূৰ্গা পূজাৰ পাছত আৰু ৩ জন ব্যক্তিক একক প্ৰচেষ্টাৰে ৩ খন ত্ৰাইচাইকেল আগবঢ়াব বিশ্বনাথৰ যুৱক তথা পেছাত এগৰাকী চৰকাৰী বিদ্যালয়ৰ শিক্ষক উৎপল শিৱমে ৷