ভাৰতীয় পৰ্যটন বিভাগৰ বাবে আছে এক সুখবৰ। প্ৰাপ্ত তথ্য অনুসৰি ডেনমাৰ্কৰ ফাউণ্ডেশ্যন ফৰ এনভাইৰ’মেণ্ট এডুকেশ্যনে “ ব্লু চাৰ্টিফিকেট ” প্ৰদান কৰি প্ৰদূষণ মুক্ত বুলি ঘোষণা কৰে তামিলনাডুৰ কৌৱালাম আৰু পুডুচেৰীৰ ইডেন সমুদ্ৰ তীৰক ।
উল্লেখ্য যে ইয়াৰ পূৰ্বেও বিগত বৰ্ষত ভাৰতৰ আঠখন ঠায়ে এই চাৰ্টিফিকেট লাভ কৰিবলৈ সক্ষম হৈছিল। আনহাতে চলিত বৰ্ষত চাৰ্টিফিকেট পুনৰ প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত গুজৰাটৰ শিৱৰাজপুৰ, উৰিষ্যাৰ গোল্ডেন, আন্দমান নিকোবৰৰ ৰাধা নগৰ, কেৰেলাৰ কাপ্পাড় আদি অন্যতম।
পৰিবেশ , বন আৰু জলবায়ুৰ সমতা বজাই ৰখাৰ ক্ষেত্ৰত “Society for Integrated Coastal Management (SICOM)” ৰ পৰা পোৱা তথ্য অনুসৰি ডেনমাৰ্কৰ ফাউণ্ডেশ্যন ফৰ এনভাইৰ’মেণ্ট এডুকেশ্যনে ইডেন সমুদ্ৰ তীৰক সম্পূৰ্ণ প্ৰদূষণমুক্ত বুলি ঘোষণা কৰিছে। উল্লেখ্য যে এই প্ৰমাণপত্ৰ পৰিবেশ অনুকূল স্বচ্ছ সমুদ্ৰ তীৰক দিয়া হয় য’ত পৰ্যটকৰ বাবে আন্তঃৰাষ্ট্ৰীয় ভাৱে বিভিন্ন ধৰণৰ সুবিধা উপলব্ধ হয়।
ডেনমাৰ্কৰ “FEE’’ য়ে কোনো ঠাইৰ ক্ষেত্ৰত মুঠ ৩৩ টা মানদণ্ডৰ সঠিক ৰূপায়ণ হৈছে নে নাই সেই কথা জানিবলৈ সকলো সময়তে নিৰীক্ষণ তথা পৰীক্ষা-নিৰীক্ষা কৰি থাকে । উল্লেখ্য যে ফাউণ্ডেশ্যনৰ সেই উৰি থকা ব্লু ফ্লেগখনে সমুদ্ৰ তীৰৰ ১০০% স্বাস্থ্যকৰ পৰিবেশ তথা ৩৩ টা কাঢ়া নিয়মৰ উচিত পালনৰ কথা সূচায়।