তালিবানে নিত্য নতুন কাণ্ডৰে বিশ্ববাসীক শংকিত কৰি ৰাখিছে। মানৱ অধিকাৰৰ পক্ষত থকা কোনো ব্যক্তিয়েই তালিবানৰ অমানৱীয় কাণ্ডক সমৰ্থন জনাব পৰা নাই। দেশখনৰ বিভিন্ন ঠাইৰ পৰা অহা বিক্ষিপ্ত খবৰবোৰে সমগ্ৰ বিশ্বকে বিগত কিছুদিন ধৰি আফগানিস্তানলৈ চাবলৈ বাধ্য কৰি আহিছে।
এনে সময়তে ইউক্ৰেইনৰ উপ-বৈদেশিক মন্ত্ৰী য়েভগেনি য়েনিনে ইউক্ৰেইনৰ এখন বিমান তালিবানীয়ে অপহৰণ কৰি ইৰানলৈ উৰুৱাই নিছে বুলি অভিযোগ উত্থাপিত কৰিছে।
বাতৰি অনুসৰি বিশ্বৰ বিভিন্ন দেশৰ বিমানে নিজ দেশৰ নাগৰিকৰ লগতে একাংশ আফগান নাগৰিককো বিমানেৰে উলিয়াই আনিছে। এইদৰে কাবুলত আবদ্ধ একাংশ লোকক লৈ যোৱাৰ পাছতে বিমানখন অন্তৰ্ধান হয়।
এটা সূত্ৰৰ মতে যোৱা সপ্তাহতে কাবুলত উপস্থিত হোৱা বিমানখনে ইন্ধন ভৰাবলৈ মাছদাহ বিমান বন্দৰত অৱতৰণ কৰাৰ পিচত কিয়েভ অভিমুখে উৰা মৰাৰ পিছতে সন্ধানহীন হয়।
আফগানিস্তানৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই বিমানখন তালিবানেই হাইজেক কৰিছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। ইফালে আগন্তুক ৩১ আগষ্টৰ ভিতৰত আমেৰিকাকে ধৰি সকলো পশ্চিমীয়া ৰাষ্টকে আফগানিস্তান ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে তালিবানে।
সূত্ৰ অনুসৰি প্ৰকাশ্যে বিৰোধিতা নকৰিলেও বিদেশী ৰাষ্ট্ৰসমূহে আফগান নাগৰিকক দেশৰ বাহিৰলৈ নিয়া কাৰ্যক তালিবানে সমৰ্থন জনোৱা নাই। সেয়ে ভীতি প্ৰদৰ্শনৰ বাবেও এই অপহৰণ কাণ্ড কৰা বুলি একাংশই আশংকা ব্যক্ত কৰিছে।
আনহাতে ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰীজনৰ মতে বিমান অপহৰণৰ পিছতো ইউক্ৰেইনে আৰু এখন বিমান কাবুললৈ প্ৰেৰণ কৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে ইউক্ৰেইনৰ লোকসকল কাবুল বিমান বন্দৰত প্ৰৱেশ কৰিবলৈ সক্ষম নোহোৱাৰ বাবে এই প্ৰচেষ্টা ব্যৰ্থ হয়।