হিন্দু ধৰ্মাৱলম্বী মানুহৰ বিবাহ এক অতি মাংগলিক আৰু সামাজিক উংসৱ ৷ ধৰ্মীয় পৰম্পৰাৰে কৰা এই বিবাহ অনুষ্ঠানৰ নীতি-নিয়ম স্থান ভেদে ভিন ভিন হোৱা দেখা যায় ৷ অৱশ্যে হোমাগ্নিক সাক্ষী কৰি দুজন লোক সংসাৰৰ বান্ধোনেৰে বান্ধখোৱা এই পৰম্পৰা ভাৰতৰ প্ৰায় সকলো ঠাইতে একেই হোৱা পৰিলক্ষিত হয় ৷ বিশেষকৈ হোমাগ্নীক সাক্ষী কৰি অনুষ্ঠিত হোৱা এই বিবাহ অনুষ্ঠানত ভাৰতৰ বেছিভাগ ঠাইতে কইনাৰ ভাতৃয়ে আখৈ দিয়াৰ পৰম্পৰা দেখা পোৱা যায় ৷
কিন্তু শেহতীয়াকৈ অসমত এখন বিয়াত ভাতৃৰ বিপৰীতে ভগ্নীয়ে আখৈদান কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ নাৰী সৱলীকৰণ নাইবা নাৰী স্বাধীনতাৰ বহুতো শ্ল’গানেৰে এছাম লোকে আকাশ-বতাহ কঁপাই থকাৰ সময়ছোৱাতে নিজৰ জ্যেষ্ঠ ভগ্নীৰ বিয়াত আখৈদান কৰি এগৰাকী তেওঁলোকে প্ৰমাণ কৰিলে যে ‘উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ’ ৷
প্ৰিয়ংকা কংকন গোস্বামী নামৰ নলবাৰীৰ এই সদ্যবিবাহিত যুৱতী গৰাকীয়ে নিজেই জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকৰ মহিলাসকলৰ এটি জনপ্ৰিয় গোট ‘অপৰাজিতা’ৰ যোগেদি শ্বেয়াৰ কৰা ফট’খনে দৃষ্টি আকৰ্ষণ কৰিলে বহুলোকৰ ৷ ফটোখনৰ তলত সেয়েহে প্ৰিয়ংকা আৰু তেওঁৰ পৰিয়ালৰ এই পদক্ষেপৰ বাবে তেওঁলোকক উৎসাহিত কৰি বহুতেই মন্তব্য প্ৰদান কৰাৰ লগতে প্ৰিয়ংকাৰ বৈবাহিক জীৱন সুখী হোৱাৰ কামনা কৰিলে বহুজনে ৷