ক’ত,কেতিয়া বা কি পৰিস্থিতিত এই ঘটনাটো সংঘটিত হৈছে কোনো ধৰণৰ তথ্য পাবলৈ সক্ষম নোহোৱা এটা ভিডিঅ‘ এতিয়া চ’ছিয়েল মিডিয়াত সাংঘাতিক ধৰণে বিয়পি পৰা পৰিলক্ষিত হৈছে।
ভিডিঅ‘টোত দেখা অনুসৰি জলন্ত জুইৰ ওপৰত এখন লোহাৰ কেৰাহীত বক বক কৰি উতলি থকা পানীত বহি আছে এটি প্ৰায় ৭-৯ বছৰীয়া শিশু।কোনো ধৰণৰ কষ্ট অনুভৱ নকৰাকৈ অতি স্বাভাৱিকভাৱে বহি থকা শিশুটিৰ চাৰিওফালে পানীত উপঙি আছে বহুত ফুল।
ইতিমধ্যে এই ভিডিঅ’টো ২ মিলিয়ন লোকে প্ৰত্যক্ষ কৰিছে আৰু ভিডিঅ‘টোক লৈ বিভিন্নজনে ভিন্ন মন্তব্য কৰাও পৰিলক্ষিত হৈছে।কিছুমানৰ মতে এনে ঘটনা কেতিয়াও সম্ভৱ নহয়।সাধাৰণ লোকক আভুৱা ভাৰিবলৈ এই ভিডিঅ’ মিছাকৈ বনোৱা হৈছে বুলিও মন্তব্য কৰিছে বহু লোকে।
জলন্ত জুইৰ ওপৰত এখন ডাঙৰ লোহাৰ কেৰাহীত উতলি থকা গৰম পানীত হাতজোৰ কৰি বহি থকা শিশুটিৰ চাৰিওফালে অগণন মানুহে ঘেৰি থকাৰ লগতে ফুল ছটিয়াই থকাও দেখা পোৱা গৈছে।সকলোৱে উদগ্ৰীৱ হৈ শিশুটিক চাই আছে।উল্লেখযোগ্য যে এই প্ৰত্যক্ষদৰ্শী সকলৰ মুখতো কোনো ধৰণৰ অস্বাভাৱিক প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই।
তেনেক্ষেত্ৰত প্ৰত্যক্ষদৰ্শী সকলক চাই ধাৰণা কৰিব পাৰি যে এই শিশুটি এক অদ্ভূত শক্তিৰ অধিকাৰী। যাক চাবলৈ এনেকৈ মানুহে ভীৰ কৰিছে।লগতে অনুমান কৰিব পাৰি যে কোনো মেলা বা স্থানীয় সামাজিক অনুষ্ঠানত এই ঘটনা সংঘটিত হৈছে।