আপুনি ভ্ৰমণ প্ৰিয় নেকি ? কম খৰচতে বিভিন্ন ঠাই চোৱাৰ ইচ্ছা আছে নেকি আপোনাৰ ? প্ৰাকৃতিক পৰিৱেশৰ মাজত চহৰৰ কোলাহলৰ পৰা আপুনি আঁতৰত থাকিব বিছাৰে নেকি আপুনি ? তেতিয়া হ’লে আপুনি যাব পাৰে জলপাইগুৰিৰ গজলডোবালৈ ৷ চৰাইৰ কোলাহল, নীলাভ সলিলৰে গজলডোবাক প্ৰকৃতিয়ে সজাই তুলিছে ৷
জলপাইগুৰি জিলাৰ মালবজাৰৰ ওদলাবাৰীৰ একেবাৰে ওচৰৰ এখন সৰু গাঁও গজলডোবা। শেহতীয়াকৈ চৰকাৰী উদ্যোগত এই গাঁওখনৰ চাৰিওফালে এটা পৰ্যটন কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে। প্ৰতি বছৰে ইয়াৰ হ্ৰদসমূহত অসংখ্য পৰিভ্ৰমী চৰাইৰ ভিৰ হয়। বন্যহস্তীও অঞ্চলটোত দেখা যায় ৷ গজলডোবাত এফালে অপলচান্দ বনাঞ্চল আৰু আনফালে বৈকুণ্ঠপুৰ বনাঞ্চল। তীষ্টা নদীত মাছমৰীয়াৰ নাও ৰে আপুনি ভৰমণো কৰিব পাৰে ৷ যদি বতৰ অনুকূল হৈ থাকে সেই গাঁৱৰ পৰাই কাঞ্চনজুংঘা দেখা পোৱাৰ সৌভাগ্যও হ’ব পাৰে । এই গাঁৱত ৰেড নেপেড আইবিছ, ৰিভাৰ লেপউইং, লিটিল ৰিংড প্লভাৰ, নৰ্দাৰ্ণ লেপউইং আদি চৰাই দেখা যায়।
আপুনি কেনেকৈ যাব ?
শিলিগুৰি বা জলপাইগুৰি ষ্টেচনৰ পৰা সহজে গজলডোবালৈ যাব পাৰি। এনজেপিৰ পৰা গাড়ীৰে ইয়ালৈ যাব পাৰিব। এঘণ্টাৰ ভিতৰতে গজলডোবাত আপুনি উপস্থিত হ’ব পাৰে ৷ বাগডোগ্ৰাৰ পৰা ইয়াৰ দূৰত্ব ৩২ কিলোমিটাৰ। নৱেম্বৰৰ পৰা মাৰ্চলৈকে গজলডোবা ভ্ৰমণৰ বাবে সৰ্বোত্তম সময়।
ক’ত থাকিব ?
চৰকাৰী পদক্ষেপৰ অধীনত ২০০ একৰ মাটিৰে গাজালডোবাত এটা পৰ্যটন কেন্দ্ৰ গঢ়ি তোলা হৈছে। পৰ্যটন বিভাগৰ ৱেবছাইটত গৈ ইয়াত কোঠা বুকিং কৰিব পাৰিব। সময় পালে গৰুমাৰা ৰাষ্ট্ৰীয় উদ্যানও চাব পাৰে। গাজালডোবাৰ পৰা গৰুমাৰালৈ দূৰত্ব প্ৰায় ২৬ কিলোমিটাৰ।