বিগত কিছুবছৰৰ আগতে এখন ভাল ক্ৰীমযুক্ত বিস্কুট খাবলৈ পোৱাটো সকলোৰে বাবে আনন্দৰ কথা আছিল। আনহাতে সকলোৰে প্ৰিয় তেনেধৰণৰ সামগ্ৰীবোৰৰ ক্ষেত্ৰত অলপ পৰিৱৰ্তন আহিলেই সকলো সৰৱ হৈ উঠা দেখা যায়। উল্লেখ্য যে চকলেট বিস্কুট বাৰবণ (Bourbon) ৰ আকাৰৰ ক্ষেত্ৰত এটা টুইট কৰাৰ পাছত সামাজিক মাজত এনে ধৰণৰে এক আলোড়ণৰ সৃষ্টি হৈছে।
প্ৰাপ্ত তথ্য মৰ্মে সাংবাদিক তথা খাদ্য ৰসিক বীৰ সাংভি (Vir Sanghvi)য়ে টুইটাৰ যোগে প্ৰশ্ন কৰে যে চেনি ছটিয়াই থোৱা সকলোৰে প্ৰিয় বিস্কুটবিধ আকাৰত সৰু হৈ গৈছে নেকি। নে এইয়া তেঁওৰ কল্পনাহে। তেঁওৰ মতে বাৰবণ বিস্কুটবিধ আকাৰত অলপ দীঘল আছিল। উল্লেখ্য যে এই কথাখিনি লিখোতে তেঁও চাইটটোত বিস্কুটৰ কোম্পানীটোক টুইটতো টেগ কৰি দিছিল।
জানিবলৈ পোৱা মতে সাংবাদিক গৰাকীৰ উক্ত টুইটোৱে সামাজিক মাধ্যমত বহুতো খাদ্য ৰসিক লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। আনহাতে ব্ৰিটানিয়া এলটিডি (Britannia Ltd) য়েও সাংবাদিকজনৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আগবাঢ়ি আহিল। কোম্পানীটোৱে প্ৰত্যুত্তৰত আশ্বাস দি লিখিছিল যে বিস্কুটৰ আকাৰত কোনো সাল-সলনি হোৱা নাই। তেঁওলোকে জানে যে মানুহে সদায় বেছিয়েই আশা কৰে।
উল্লেখ্য যে কোম্পানীটোৰ উত্তৰ সাংভিৰ সিমান মনপূত নোহোৱাত তেঁও পুনৰ প্ৰশ্ন কৰে যে কেতিয়াৰ পৰা বিস্কুটৰ কোনো সালসলনি কৰা হোৱা নাই। তেতিয়া কোম্পানীটোৱে জনাই যে বিগত ৬ বছৰ ধৰি বিস্কুটৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন হোৱা নাই ।
এই টুইটৰ পাছতেই বাৰবণ বিস্কুটৰ ক্ষেত্ৰত পৰিৱৰ্তন হৈছে নে নাই সেই বিষয় লৈ সামাজিক মাধ্যমত বহু লোক সৰৱ হৈ উঠিল। উল্লেখ্য যে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মইত্ৰাইয়ো এই আলোচনাত ভাগ লয় আৰু ব্ৰিটানিয়া কোম্পানীটোক অনুৰোধ কৰে যে তেঁও সৰুৰে পৰা খাই ভাল পোৱা অৰেঞ্জ ক্ৰীম বিস্কুট যাতে আকৌ গ্ৰাহকৰ মাজলৈ লৈ আনে।
আনহাতে ব্ৰিটানিয়া কোম্পানীটোৱে ৬ বছৰ বুলি উল্লেখ কৰাৰ পাছত সাংবাদিক বীৰ য়ে আকৌ টুইট কৰে যে সকলোৱে কোনো পুৰণি কালৰ কথা পাতি আছে নেকি। কোম্পানীটোৱেও এই কথাৰ উত্তৰত আকৌ টুইট কৰে।
সামাজিক মাধ্যমত হোৱা এই আলোড়নত যিমানবোৰ মানুহে সহযোগ কৰিছিল , তাৰ ভিতৰত বহুতে নিজৰ অভিজ্ঞতা ভাগ-বতৰা কৰাৰ লগতে কিছু লোকে ধেমেলীয়া প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছিল।