১০ অক্টোবৰ, সোমবাৰে, গুৱাহাটী ক্লাবস্থিত টেকন’ৱেলত অসমৰ এগৰাকী সক্ৰিয় সাংস্কৃতিক তথা সমাজকৰ্মী শ্ৰী নিলোৎপল হাজৰিকাৰ টেকন’ৱেলৰ দ্বাৰা ডিজাইন কৰা এটি ব্যক্তিগত অফিচিয়েল ৱেবছাইট www.neelutpalhazarika.com মুকলি কৰা হয় ৷
হাজৰিকাই উল্লেখ কৰা অনুসৰি ই আছিল তেওঁৰ বাবে এটা স্মৰণীয় দিন। যিটো কথা তেওঁ নিজে কেতিয়াও চিন্তা কৰা নাছিল কিন্তু তেওঁৰ বন্ধু শ্ৰীযুত অমল শৰ্মা আৰু তেওঁৰ পত্নী আৰু আন এক বন্ধু দম্পতি স্মৃতি আৰু তেওঁৰ স্বামীয়ে তেওঁক এই ব্যক্তিগত ৱেবছাইট খুলিবলৈ অনুপ্ৰাণিত আৰু উৎসাহিত কৰিছিল আৰু অৱশেষত এবছৰতকৈও অধিক সময়ৰ এক দীঘলীয়া যাত্ৰাৰ অন্তত ই সম্ভৱ হৈ উঠিছিল আৰু যাৰ ফলত তেওঁৰ সপোনে এটা বাস্তৱ ৰূপ পালে ।
১০ তাৰিখ সোমবাৰে গুৱাহাটী ক্লাবস্থিত টেকন’ৱেলত বন্তি প্ৰজ্বলনৰ দ্বাৰা এই ৱেবছাইট মুকলি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰাৰ পিছত নিমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানটোত উপস্থিত থাকে প্ৰখ্যাত গীতিকাৰ,সুৰকাৰ, কণ্ঠশিল্পী, আকাশবাণীৰ প্ৰাক্তন ষ্টেচন পৰিচালক জে পি দাস,প্ৰখ্যাত তবলা বাদক ,অসমৰ সংগীত জগতৰ আন এজন মহান ব্যক্তি শ্ৰী সূৰ্য গোস্বামী, সুমধুৰ কণ্ঠৰ গৰাকী শ্ৰী সুভাষ নাথ, পণ্ডিত বিশ্ব মোহন ভট্টৰ শিষ্য শ্ৰীযুত প্ৰদীপ শৰ্মা আৰু অএজন সু পৰিচালক শ্ৰীযুত কিশোৰ তালুকদাৰ ।
আনহাতে উক্ত অনুষ্ঠানত সুদূৰ যোৰাহাটৰ পৰা আহি উপস্থিত হয় ৭৯ বছৰ বয়সতো সুমধুৰ কণ্ঠৰ গৰাকী নিলোৎপল হাজৰিকাৰ মাতৃ তথা যোৰহাটৰ ডিচিবি মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ শ্ৰীমতী নিলিমা হাজৰিকা আৰু আইআইটিত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰি থকা তেওঁৰ কন্যা অভিলাষা ।
উল্লেখযোগ্য যে নিলোৎপল হাজৰিকাৰ ব্যক্তিগত ৱেবছাইটৰ লঞ্চিং বুটাম টিপি ৱেবছাইটটো আনুষ্ঠানিক ভাৱে মুকলি কৰে অসমৰ স্বনামধন্য শিল্পী জে.পি.দাসে ।
পৰৱৰ্তী সময়ত উপস্থিত সকলৰ মত বিনিময় আৰু সংগীতানুষ্ঠানেৰে উক্ত অনুষ্ঠানৰ সামৰণি পৰে ৷ প্ৰতিসময়তে তেওঁক উৎসাহিত কৰি এই ব্যক্তিগত ৱেবছাইট মুকলি কৰালৈকে সাহস যোগোৱা প্ৰতিগৰাকী ব্যক্তিকে কৃতজ্ঞতা জ্ঞাপন কৰি ভৱিষ্যতেও সকলোৰে পৰা এনেদৰে সহায় সহযোগ কামনা কৰিছে সাংস্কৃতিক কৰ্মী তথা সক্ৰিয় সমাজকৰ্মী নিলোৎপল হাজৰিকাই ৷