বৰ্তমান সময়ত আধাৰ কাৰ্ড চৰকাৰী অথবা বেচৰকাৰী প্ৰতিটো কামতেই প্ৰয়োজনীয় হৈ পৰিছে। ৰাজহ দিয়াৰ পৰা আৰম্ভ কৰি , চৰকাৰী আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰা তথা কৰ‘নাৰ টিকাকৰণ কৰালৈকে আধাৰ কাৰ্ড সকলোতে দৰকাৰ হয়। আনহাতে বেংক সম্বন্ধীয় কোনো কাম , ঘৰ কিনা-বেচা আৰু জন্মৰ প্ৰমাণপত্ৰ উলিয়াবৰ বাবেও এই আধাৰ কাৰ্ড অতি জৰুৰী।
কিন্তু কোনো এজন লোকৰ মৃত্যুৰ পাচত সেই আধাৰ কাৰ্ডখনৰ কি হয় বা সেই কাৰ্ড পৰিয়ালৰ আন সদস্যৰ ব্যৱহাৰযোগ্য হয় নে নহয় সেই কথা এতিয়াও এক প্ৰশ্ন হৈ আছে।
প্ৰাপ্ত তথ্য মতে মৃত্যুৰ পাচত কোনো লোকৰ আধাৰ কাৰ্ড নিষ্ক্ৰিয় হৈ নাযায়। উল্লেখ্য যে চৰকাৰৰ ফালৰ পৰাও আধাৰ কাৰ্ড নিষ্ক্ৰিয় কৰি দিয়াৰ কোনো বিশেষ প্ৰণালী নাই। কিন্তু অতি সোনকালে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব যাতে মৃত ব্যক্তিৰ আধাৰ নম্বৰ UIDAI ৰ জৰিয়তে নিষ্ক্ৰিয় কৰিব পৰা যায়। আনহাতে আধাৰ কাৰ্ডৰ লগত মৃত্যুৰ প্ৰমাণ পত্ৰও সংযুক্ত কৰিব লাগিব যাতে কোনো লোকে তাৰ অসৎ ব্যৱহাৰ কৰিব নোৱাৰে।
উল্লেখযোগ্য যে UIDAI য়ে আধাৰকাৰ্ডৰ ফটো অথবা ফোন নম্বৰ সালসলনি কৰাৰ ক্ষেত্ৰত ইতিমধ্যে বহুতো সুবিধা জনসাধাৰণৰ বাবে মুকলি কৰি দিছে।