পিয়াহত এগিলাছ পানী বিচাৰি অসমৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত হোৱা এক তিক্ত অভিজ্ঞতাৰ কথা প্ৰকাশ কৰি সামাজিক মাধ্যমত ক্ষোভ উজাৰিলে অসমৰ এজন স্বনামধন্য লেখক ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে ৷ গুৱাহাটী মহানগৰীত অৱস্থিত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনত এখন হাতত বেণ্ডেজ থকাৰ বাবে নিজে পানী গিলাছ লৈ খাবলৈ অপাৰগ হোৱা লেখক গৰাকীয়ে চিকিৎসালয়খনৰ এগৰাকী পৰিচালিকাক পানী ক’ত আছে সোধাত পৰিচালিকা গৰাকীয়ে পানী ক’ত আছে দেখুৱাই দিয়ে যদিও পানীৰ গিলাছ নেদেখি তেওঁ পৰিচালিকা গৰাকীক গিলাছ এটা আনি দিবলৈ অনুৰোধ কৰে ৷ কিন্তু কিছু সময়ৰ পিছত খালী হাতে ঘূৰি অহা পৰিচালিকা গৰাকীয়ে তেওঁক গিলাছ নাই বুলি জানিবলৈ দিয়ে ৷ যাৰ বাবে ৰোগীৰ পৰা কোটি কোটি টকা উপাৰ্জন কৰা ব্যক্তিগত খণ্ডৰ এই চিকিৎসালয়খনত এগিলাছ পানী খাবলৈ নাপাই হতাশ হয় চৌধুৰী ৷
পিয়াহত এগিলাছ পানী বিচাৰি নিৰাশ হোৱা লেখক গৰাকীয়ে সেয়েহে অৱশেষত ক্ষোভ উজাৰিলে জনপ্ৰিয় সামাজিক মাধ্যম প্লেটফৰ্ম ফেচবুকত ৷ তেওঁৰ এটি পোষ্টৰ যোগেদি লেখক গৰাকীয়ে ক’লে যে কথাটো দেখাত সৰু যেন লাগিলেও ব্যক্তিগত খণ্ডৰ এখন প্ৰখ্যাত চিকিৎসালয়ৰ বাবে এনে কথাবোৰ গুৰুত্বপূৰ্ণ হোৱা উচিত ৷ যিদৰে গুৰুত্বপূৰ্ণ হোৱা উচিত বিভিন্ন কাউণ্টাৰত বহি থকা সকলৰ মুখত এটা হাঁহি ,এটা সপ্ৰতিভ অভিব্যক্তি আৰু আন্তৰিক স্বাগতম ৷