পৃথিৱীত এনে বহু ঠাই আছে যি ঠাইলৈ যাবলৈ মানুহ প্ৰতিমূহুৰ্ততে উৎসুক হৈ থাকে ৷ অৱসৰৰ সময়বোৰত সাধাৰণতে মানুহে তেনে ঠাই ভ্ৰমণ কৰি ভাল পায় ৷ বিশ্বত এনে বহু আশ্চৰ্যকৰ আৰু ভয়ানক ঠাই আছে যিবোৰ ঠাইত বন্ধৰ দিনবোৰত বিশ্বৰ বিভিন্ন প্ৰান্তৰ অজস্ৰ মানুহৰ সমাগম ঘটে।
ফ্ৰান্সত তেনে এখন ঠাই আছে য’ত অৱসৰৰ দিনত বহু হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে । ফ্ৰান্সৰ এই পথ আজিকালি এক চৰ্চাৰ বিষয় হৈ পৰা পৰিলক্ষিত হৈছে। এই পথটোত গাড়ী চলাবলৈ দূৰদূৰণিৰ পৰা মানুহ একত্ৰিত হয় ।
উল্লেখযোগ্য যে এই পথে ‘পেচেজ ডু গইছে নইৰমাউটিয়েৰ’ দ্বীপক বাৰ্ণুফ উপসাগৰৰ সৈতে সংযোগ কৰিছে। অতি আকৰ্ষণীয় অসাধাৰণ এই পথটো দেখাত যথেষ্ট ভয়লগা ৷ আনহাতে দ্বীপটোলৈ যোৱাৰ এই পথটোৱেই একমাত্ৰ উপায়। কিন্তু সাগৰৰ মাজত নিৰ্মাণ কৰা এই ৩ কিলোমিটাৰ দীঘল পথটো প্ৰতিদিনেই উচ্চ জোৱাৰৰ সময়ত ১৩ ফুট পানীৰ তলত ডুব যায় আৰু এই পথটোৰ বাবেই হাজাৰ হাজাৰ পৰ্যটকৰ আগমণ ঘটে ফ্ৰান্সলৈ। আশ্চৰ্য্যকৰ কথা যে ইয়াত পানী অতি দ্ৰুতগতিত ওপৰলৈ উঠে আৰু এক মুহূৰ্ততে গোটেই পথটো পৰ্যটকসকলৰ চকুৰ আগতে অদৃশ্য হৈ যায়।