বিমান যাত্ৰাৰ কেইবাটাও নিয়ম আছে। ইয়াৰে এটা হ’ল বিমানত উঠি এটা নিৰ্দিষ্ট আসনত বহি ছিটবেল্ট বান্ধি ফোনটোৰ ‘ফ্লাইট মোড’ অন কৰা। বিমানেৰে যাত্ৰা কৰাসকল প্ৰায়ে অভ্যস্ত। নতুনকৈ যাত্ৰাকৰা সকলৰো ভুল হ’ব নোৱাৰে। কাৰণ বিমান পৰিচাৰিকাসকলে ফোনত ‘ফ্লাইট মোড’ অন কৰাৰ কথা ঘোষণা কৰাটো নিয়ম ৷‘ফ্লাইট মোড’ সক্ৰিয় কৰাৰ পিছত কাৰোবাক ফোন বা মেছেজ কৰাৰ পথ বন্ধ হৈ যায়। আনকি ইণ্টাৰনেটেও কাম নকৰে। কিন্তু কিয় বিমানত ফোন ফ্লাইট মোডত ৰাখিব লাগে ?
১. উৰণৰ সময়ত মোবাইল ফোনটো অন কৰি ৰাখিলে বিমানখনৰ নেভিগেচন আৰু যোগাযোগ ব্যৱস্থাত সমস্যাৰ সৃষ্টি হ’ব পাৰে। যদিহে মোবাইলত ফ্লাইট মোড সক্ৰিয় নহয় তেন্তে পাইলটে সমস্যাৰ সন্মুখীন হ’ব পাৰে। বিমান উৰুৱাওঁতে পাইলট সদায় কন্ট্ৰল ৰুমৰ সংস্পৰ্শত থাকে। এই পৰিস্থিতিত ফ্লাইট মোড অন কৰি ৰাখিলে পাইলটসকল উপকৃত হ’ব। মোবাইল ফোন সংকেতে বিমানৰ যোগাযোগ ব্যৱস্থাক বিভ্ৰান্ত কৰিব পাৰে। যাৰ বাবে বিমানখনৰ পথ ভূল হ’ব পাৰে বা দুৰ্ঘটনা হ’ব পাৰে।
২. মোবাইলটো অন হ’লে ইয়াৰ পৰা নিৰ্গত তৰংগবোৰ আন ঠাইৰ লগত সংযোগ হ’বলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত বিমানখনৰ ৰেডিঅ’ ষ্টেচনৰ সৈতেও যোগাযোগ বিচ্ছিন্ন হৈ পৰে। বিমানত উঠাৰ পিছত ‘ফ্লাইট মোড’ অন কৰিব লাগে।
৩. সকলো সময়তে ফোনত বিভিন্ন ধৰণৰ নোটিফিকেচন আহি থাকে। ‘ফ্লাইট মোড’ত ৰাখিলে ই বন্ধ হৈ পৰে ৷
৪. ‘ফ্লাইট মোড’ত থকাৰ বহু সুবিধাৰ ভিতৰত এটা হ’ল ইয়াক চাৰ্জ কৰিবলৈ বেছি সময় নালাগে।
৫. বিমানত যাত্ৰা কৰাৰ সময়ত ফোনটো সক্ৰিয় কৰি ৰখাটো গুৰুত্বপূৰ্ণ, আৰু বেছি ব্যৱহাৰ কৰিলে চাৰ্জো শেষ হৈ যাব। ইয়াক ফ্লাইট মোডত ৰাখিলে সেই অসুবিধা নাইকিয়া হয়।