প্ৰতি বছৰেই দেশৰ বৃহৎ সংখ্যক যুৱক-যুৱতীয়ে অসামৰিক সেৱাৰ বাবে প্ৰস্তুতি চলায়। তেওঁলোকৰ এটাই লক্ষ্য যে তেওঁলোক আই এ এছ, আই পি এছ বা আই এফ এছ হ’ব লাগিব । অৱশ্যে এইসকলৰ বেছিভাগ প্ৰাৰ্থীৰেই প্ৰথম অগ্ৰাধিকাৰ ভাৰতীয় প্ৰশাসনিক সেৱা অৰ্থাৎ আই এ এছ ।
কিন্তু আমি হয়তো বহুতেই এই ক্ষেত্ৰত অৱগত নহয় যে ভাৰতৰ কোন কোন ৰাজ্যৰ পৰা সৰ্বোচ্চ আই এ এছ বিষয়া নিৰ্বাচিত হৈছে । অৱশ্যে টি.ভি.এন.ভাৰতৰ এক প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে কোন ৰাজ্যৰ পৰা সৰ্বাধিক সংখ্যক আই এ এছ বিষয়া ওলাই সেই বিষয়ে এক তথ্য প্ৰকাশ কৰিছে।
দৰাচলতে এইবাৰ অসামৰিক সেৱাৰ পৰীক্ষা (চি এছ ই-২১)ত ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ)ৰ বাবে ১৮০ গৰাকী পৰীক্ষাৰ্থী নিৰ্বাচিত হৈছিল। এই ১৮০ জন প্ৰাৰ্থীৰ ভিতৰত ২৪ জন আছিল ৰাজস্থানৰ। সেইবাবে এইবাৰ দেশৰ ভিতৰতে সৰ্বাধিক সংখ্যক আই এ এছ বিষয়া উৎপাদন কৰা ৰাজ্য হিচাপে পৰিগণিত হৈছে ৰাজস্থান । আনহাতে চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰতো প্ৰথম স্থানত আছে ৰাজস্থান। অৱশ্যে ইয়াৰ পূৰ্বে আই এ এছ লাভ কৰা অধিকাংশ প্ৰাৰ্থী আছিল উত্তৰ প্ৰদেশৰ ৷
প্ৰতিবেদন অনুসৰি আই এ এছৰ ক্ষেত্ৰত শীৰ্ষত থকা ভাৰতৰ ৬ খন ৰাজ্য হ’ল-ৰাজস্থান,উত্তৰ প্ৰদেশ,দিল্লী,বিহাৰ,মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশ৷ শেহতীয়া সমীক্ষাত ৰাজস্থানৰ -২৪,উত্তৰ প্ৰদেশ -১৯,দিল্লী- ১৬,বিহাৰ -১৪,মহাৰাষ্ট্ৰ- ১৩,মধ্যপ্ৰদেশ -১২জনকৈ প্ৰাৰ্থী আই.এছ.ৰ বাবে নিৰ্বাচিত হৈছে ৷
বিশেষজ্ঞসকলৰ মতে ৰাজস্থানে অসামৰিক সেৱা পৰীক্ষাত ভাল ফলাফল পোৱাৰ মূল কাৰণ হ’ল ৰাজস্থানত থকা শ্ৰেষ্ঠ কোচিং চেণ্টাৰ। ইয়াৰ উপৰিও অসামৰিক সেৱা পৰীক্ষাৰ প্ৰতি যুৱক-যুৱতীসকলৰ মাজত সজাগতা বৃদ্ধি পোৱাটোও ইয়াৰ অন্যতম প্ৰধান কাৰণ।আনহাতে ৰাজস্থানৰ কোচিং চেণ্টাৰ সমূহত উপলব্ধ উন্নত সা-সুবিধা । কিয়নো ইয়াত ছাত্ৰ-ছাত্ৰীসকলৰ অনলাইন আৰু অফলাইন দুইধৰণে অধ্যয়ন কৰাৰ বিকল্পও আছে।
চি এছ ই-২০২০ পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ১৩ নম্বৰ স্থান দখল কৰা গৌৰৱ বুদনিয়া বৰ্তমান ৰাজস্থানৰ ভিলৱাৰা জিলাৰ সহকাৰী কালেক্টৰ। ২০২০ বৰ্ষৰ আই এ এছ বিষয়াগৰাকীৰ মতে ৰাজস্থানৰ মুঠ জনসংখ্যাৰ প্ৰায় ২৫ শতাংশ অনুসূচিত জাতি/জনজাতিৰ আৰু অন্যান্য ৰাজ্যৰ তুলনাত এই সম্প্ৰদায়সমূহৰ মাজত সজাগতা অধিক যাৰ বাবে তেওঁলোক অধিক সংখ্যক পৰীক্ষাতেই অৱতীৰ্ণ হয় ।
বিগত চাৰিবছৰ ধৰি কৰ্মী আৰু প্ৰশিক্ষণ বিভাগৰ পৰিসংখ্যা অনুসৰি ৰাজস্থানত মুঠ ৮৪ জন আই এ এছ বিষয়াৰ জন্ম হৈছে।উল্লেখনীয় যে যোৱা তিনি বছৰ ধৰি এই সংখ্যা বৃদ্ধি পাই আহিছে। ২০১৯ বৰ্ষত ইউ পি এছ চিয়ে অনুষ্ঠিত কৰা পৰীক্ষাত এনে ১৬ গৰাকী পৰীক্ষাৰ্থী বাছনি কৰা হৈছিল, যিসকল ৰাজস্থানৰ বাসিন্দা আছিল। চি.এছ.ই ২০২০(CSE-2020) পৰীক্ষাত ৰাজস্থানৰ পৰা ২২ গৰাকী পৰীক্ষাৰ্থী নিৰ্বাচিত হৈছিল আৰু ২০২১ চনত এই সংখ্যা ২৪ লৈ বৃদ্ধি পাইছিল।
উল্লেখযোগ্য যে চি এছ ই-২০২০ পৰীক্ষাত উত্তৰ প্ৰদেশৰ পৰা ৩০ গৰাকী পৰীক্ষাৰ্থীক আই এ এছ বিষয়া হিচাপে নিৰ্বাচিত কৰা হয় আৰু এই সেৱাত ২২ গৰাকী পৰীক্ষাৰ্থীৰ সফলতাত ৰাজস্থানে দ্বিতীয় স্থান লাভ কৰে।