মানুহৰ জীৱনত ৰঙৰ গুৰুত্ব বহুত। প্ৰতিতো ৰঙৰে আছে একো একোটা বিশেষ অৰ্থ। যেনেদৰে শান্তিৰ অৰ্থ প্ৰতিপন্ন কৰে বগা ৰঙে , তেনেদৰে ৰঙা ৰঙে বিপদৰ অৰ্থ বুজায়।
কিন্তু এটা কথা হয়তো বহুতো লোকে নাজানে যে স্কুল বাছবোৰ কিয় হালধীয়া ৰঙৰ হয়। ইমানবোৰ ৰং থাকোতে কিয় হালধীয়া ৰংটোকে স্কুল বাছৰ বাবে বাচি উলিওৱা হ’ল। কি ইয়াৰ অন্তর্নিহিত উদ্দেশ্য!
স্কুলবাছৰ ৰং হালধীয়া হোৱাৰ পিছত এক বৈজ্ঞানিক ভিত্তি আছে। হালধীয়া ৰং আন ৰঙতকৈ বেছি উজ্জ্বল আৰু সোনকালে দৃষ্টিগোচৰ হয়। মূলতঃ দুৰ্ঘটনাৰ পৰা বাচি থাকিবৰ বাবেই স্কুলবাচসমূহত হালধীয়া ৰং ব্যৱহাৰ কৰা হয়।
উল্লেখযোগ্য যে ৰঙা ৰঙৰ তৰংগদৈৰ্ঘ্য সকলোতকৈ বেছি । ইয়াৰ পৰিমাণ হৈছে ৬৫০ নেন’মিটাৰ।ফলত বহু দূৰৰ পৰাই ৰঙা ৰঙটো দৃষ্টিগোচৰ হয়। আনহাতে হালধীয়া ৰঙৰ তৰংগদৈৰ্ঘ্য ৫৮০ নেন’মিটাৰ, যি ৰঙা ৰঙতকৈ কম। কিন্তু তাৰ পাচতো স্কুলবাচবোৰত ৰঙা ৰং ব্যৱহাৰ নকৰি হালধীয়া ৰং কিয় ব্যৱহাৰ কৰা হয় সেই কথা অতি গুৰুত্বপূৰ্ণ।
জানিবলগীয়া কথা এই যে ইয়াৰো এক বিশেষ কাৰণ আছে আৰু এই কাৰণটো হৈছে “Lateral Peripheral Vision” । হালধীয়া ৰঙৰ ক্ষেত্ৰত এই এল পি ভি (LPV) ৰঙা ৰঙৰ তুলনাত ১.২৪ গুণ বেছি। যাৰ ফলত হালধীয়া ৰঙৰ আকৰ্ষণ ক্ষমতাও অনেক বেছি হয়। যাৰ বাবে বহুত দূৰত হালধীয়া ৰঙৰ কিবা বস্তু থাকিলেও সহজেই দৃষ্টিগোচৰ হয়।
স্কুলবাছ সমূহ হালধীয়া ৰঙৰ হোৱাৰ বাবে কাষত নাথাকিলেও সহজে চকুত পৰে যাৰ ফলত ৰাস্তাত বহুত ভীৰ হ’লে অথবা সাম্ভাৱ্য কোনো দুৰ্ঘটনাৰ ক্ষেত্ৰত আগতীয়াকৈ সচেতন হোৱাত সহায়ক হয়।