বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে কেইটিমান জনপ্ৰিয় সামাজিক মাধ্যম প্লেটফৰ্ম হ’ল ফেচবুক,হোৱাটছএপ,এক্স, ইনষ্টাগ্ৰাম আদি ৷ এই সামাজিক মাধ্যম প্লেটসমূহৰ যোগেদি বিশ্বব্যাপী বহু হাজাৰ হাজাৰ লোকে লাভ কৰিছে কৰ্ম সংস্থাপন৷ কিন্তু ইমান জনপ্ৰিয়তাৰ পিছতো বিশ্বৰ কেইখনমান দেশত নিষিদ্ধ হোৱাটছএপ ৷
এই দেশসমূহৰ ভিতৰত আছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ চীনকে আদি কৰি আন কেইবাখনো ৰাষ্ট্র৷ চীনৰ উপৰি ইৰাণ, সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই), কাটাৰ, ছিৰিয়া আৰু উত্তৰ কোৰিয়াতো নিষিদ্ধ হোৱাটছএপ ।অৱশ্যে দেশভেদে এই নিষেধাজ্ঞাৰ কাৰণ বেলেগ বেলেগ।
ইৰাণ এনে এখন দেশ যি দেশ বৰ্তমান সময়ত ব্যাপক আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞাৰ সন্মুখীন হ’বলগীয়া হৈছে , বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে পাৰমাণৱিক অস্ত্ৰক লৈ চলি থকা সংঘাতৰ ফলত ইৰাণত সমস্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ যাৰ ফলত সময়ে সময়ে হোৱাটছএপেও বাধাৰ সন্মুখীন হ’বলগীয়া হৈছে। ইয়াৰ উপৰিও ইৰাণ চৰকাৰে ৰাজনৈতিক অশান্তিৰ মাজত যোগাযোগ আৰু তথ্যৰ প্ৰৱেশ নিয়ন্ত্ৰণৰ বাবে এই নিষেধাজ্ঞা আৰোপ কৰিছে।
আনহাতে বিশ্বৰ আন এখন দেশ কাটাৰত হোৱাটছএপৰ টেক্স মেছেজিঙৰ অনুমতি আছে যদিও ভইচ আৰু ভিডিঅ’ কলিং ফিচাৰ নিষিদ্ধ কৰিছে চৰকাৰে।
শেহতীয়াকৈ সংযুক্ত আৰব আমিৰশ্বাহীয়েও কাটাৰৰ দৰেই হোৱাটছএপৰ ভইচ আৰু ভিডিঅ’ কলিং ফিচাৰ নিষিদ্ধ কৰিছে।
বিশ্বৰ ভিতৰতে কঠোৰ আৰু হিংসাত্মক নীতিৰ বাবে কুখ্যাত উত্তৰ ক’ৰিয়া, য’ত কিম জং উনে সকলো সিদ্ধান্ত লয়। এই দেশখনৰ ইণ্টাৰনেট নীতি বিশ্বৰ ভিতৰতে কঠোৰ৷ ইয়াৰ নাগৰিকসকলক অতি সীমিত ইণ্টাৰনেটৰ সুবিধা প্ৰদান কৰা হয়। তথ্যৰ মুক্ত প্ৰবাহ ৰোধ কৰিবলৈ চৰকাৰে যোগাযোগ ব্যৱস্থা কটকটীয়াকৈ নিয়ন্ত্ৰণ কৰে, যাৰ ফলত এই দেশত হোৱাটছএপৰ দৰে এপ নিষিদ্ধ কৰা হৈছে।
ভাৰতৰ চুবুৰীয়া দেশ চীনৰ পৰিস্থিতিও উত্তৰ কোৰিয়াৰ দৰেই, য’ত ইণ্টাৰনেটৰ ওপৰত চৰকাৰৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে। চীনৰ গ্ৰেট ফায়াৰৱালে বহু বিদেশী এপ আৰু ৱেবছাইটৰ প্ৰৱেশ বন্ধ কৰি দিয়ে। চীন চৰকাৰে নিজা ৰণনীতি ব্যৱহাৰ কৰি ‘উই চাট’ৰ দৰে ঘৰুৱা মাধ্যমহে ব্যৱহাৰ কৰে।
গৃহযুদ্ধ আৰু অসংখ্য নিষেধাজ্ঞাৰ দ্বাৰা জুৰুলা হোৱা দেশ ছিৰিয়া৷ য’ত নিষিদ্ধ কৰা হৈছে হোৱাটছএপ। আভ্যন্তৰীণ তথ্য বহিঃজগতলৈ যোৱাত বাধা দিয়াৰ লক্ষ্যৰে এই পদক্ষেপ ছিৰিয়া চৰকাৰৰ।