প্ৰতি বছৰেই ১ এপ্ৰিলৰ দিনটো ‘মুৰ্খৰ দিন’ বা ‘এপ্ৰিল ফুল’ হিচাপে পালন কৰা হয় ৷ এই দিনটোত কোনোবাই কাৰোবাক মিছা কথা কৈ বা নাভূত-নাশ্ৰুত কথা কৈ উৎকণ্ঠাৰ সৃষ্টি কৰে বা আনন্দ কৰে ৷ মিছা কথাৰে মানুহক মুৰ্খ সাজে ৷ সেয়ে এই দিনটোক ‘মুৰ্খৰ দিন’ বুলি কোৱা হয় ৷ অৱশ্যে এই দিনটোক মুৰ্খৰ দিন বুলি কোৱাৰ আঁৰতো আছে এক ইতিহাস ৷
১৫৬৪চনত ফ্ৰান্সৰ ৰজা আছিল প্ৰথম চাৰ্লছ ৷ ফ্ৰান্সত সেই সময়ত বছৰৰ প্ৰথম দিনটো আছিল ১এপ্ৰিল ৷ সেইদিনা প্ৰজাই ৰজাক উপহাৰ সহ নতুন বছৰৰ শুভেচ্ছা জনোৱাটো আছিল বাধ্যতামূলক ৷ অন্যথা উপহাৰ নিদিয়া জনক ৰজাই শাস্তি বিহিছিল ৷ কিন্তু ১৫৬৪চনৰ সেই দিনটোত ৰজাই নৱবৰ্ষৰ প্ৰথম দিনটো ১ এপ্ৰিলৰ সলনি ১ জানুৱাৰী হ’ব বুলি ঘোষণা কৰিছিল ৷কাৰণ ৰজা চাৰ্লছে প্ৰজাক মুৰ্ক সজোৱাৰ পাল পাতিছিল ৷ ফলত দূৰ-দূৰণিৰ পৰা অহা প্ৰজাসকল ঘূৰি যাব লগাত পৰিল ৷ ৰজাৰ এই কাণ্ডত প্ৰজাসকলৰ খং উঠিল ৷প্ৰজাসকল এক গোট হৈ প্ৰতিবাদ কৰিবলৈ ওলোৱাত ৰজাই কটকী পঠিয়াই ক্ষুব্ধ ৰাইজক জনালে যে ৰজাই ৰাইজৰ মংগলৰ বাবেহে ১ জানুৱাৰীটো বছৰৰ পহিলা দিন কৰিছে ৷ সেইদিনা প্ৰজাই কোনো উপহাৰ নিদিয়াকৈয়ে ৰজাক শুভেচ্ছা জনাব পাৰিব ৷ প্ৰজাই এই কথা শুনি ভালেই পালে ৷ প্ৰজাৰ মনে মনে হাঁহিও উঠিল যে ৰজাই প্ৰজাক মুৰ্খ সাজিবলৈ গৈ নিজৰ মুৰ্খামীৰহে পৰিচয় দিলে ৷ সেইদিনাৰ পৰাই ১ এপ্ৰিলৰ দিনটো বিশ্বৰ বিভিন্ন ঠাইত মুৰ্খৰ দিন হিচাপে পালন কৰিবলৈ আৰম্ভ কৰে ৷ এই দিনটোত ইজনে সিজনক মিছা কথা কৈ ফুৰ্তি কৰে ৷ অৱশ্যে এনে মিছাই কেতিয়াবা বিৰূপ প্ৰভাৱ পেলোৱাও পৰিলক্ষিত হয় ৷
বহুতৰ মতে ভাৰতত ইংৰাজসকলে এই পৰম্পৰা আৰম্ভ কৰিছিল ৷ আনহাতে ভাৰতৰ জাতিৰ পিতা ,সদায় সঁচা কথা কোৱা মহাত্মা গান্ধীয়েও এই দিনটোতে এটা দুটা মিছা কথা কৈ ধেমালি কৰিছিল বুলি বহুজনে কয় ৷ অৱশ্যে এই কথাষাৰৰ কোনো ধৰণৰ প্ৰামাণিক তথ্য নাই ৷ আজিকালি ভাৰত কিম্বা অসমতো ১ এপ্ৰিল বুলি ক’লেই মিছা কথা কৈ মানুহক মুৰ্খ সজোৱাৰ আনন্দত আত্মহাৰা হয় বহুজন ৷