শেহতীয়াকৈ লাছ ভেগাছ বিমানবন্দৰত গ্ৰেপ্তাৰ হোৱা এগৰাকী যুৱতীয়ে এই অভিযোগ কৰিছে যে আৰক্ষী বিষয়াসকলে তেওঁৰ ব্যতিক্ৰমী সুন্দৰ চেহেৰাৰ বাবেই অন্যায়ভাৱে তেওঁলৈ দৃষ্টি নিক্ষেপ কৰিছে । অৱশ্যে খবৰ অনুসৰি ২৮ বছৰীয়া হেণ্ড বুষ্টামীয়ে বিল পৰিশোধ নকৰাকৈ এখন ৰেষ্টুৰেণ্টৰ পৰা পলায়ন কৰিছিল আৰু তাৰ পিছত বিমানবন্দৰৰ নিৰাপত্তা গেটৰ কাষেৰে তেওঁ পাৰ হৈ গৈছিল। অৱশেষত আৰক্ষীয়ে তেওঁক বিচাৰি পোৱাৰ পিছত তেওঁক জিম্মাত লোৱা হৈছিল আৰু ২৮বছৰীয়া বুষ্টামি আৰক্ষীৰ সৈতে তৰ্কত লিপ্ত হৈছিল। তেওঁ ভাবিছিল যে আৰক্ষীয়ে তেওঁক তেওঁৰ চেহেৰাৰ বাবে শাস্তি দিছে।
এগৰাকী মহিলাই ভোজন কৰি বিল পৰিশোধ নকৰাকৈ পলায়ণ কৰা সন্দৰ্ভত হেৰী ৰিড আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ চিলিৰ ৰেষ্টুৰেণ্টলৈ আৰক্ষীক মাতি নিয়া হৈছিল । কিন্তু বিষয়াসকলে মহিলাগৰাকীক বিচাৰি পোৱাত সমস্যা হৈছিল। অৱশেষত, বিমানবন্দৰৰ কৰ্মচাৰীসকলে বুষ্টামীক চিনাক্ত কৰাৰ পিছত আৰক্ষীক গতাই দিয়ে ।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে বুষ্টামীক অৱশেষত বেগেজ ক্লেইম এলেকাত আৱিষ্কাৰ কৰা হৈছিল আৰু তেওঁক নিচাগ্ৰস্ত যেন লাগিছিল ৷ আনফালে বিষয়াসকলৰ সৈতে তৰ্কত লিপ্ত হৈছিল ২৮বছৰীয়া যুৱতীগৰাকী ৷ কিন্তু বুষ্টামীৰ মতে আৰক্ষীয়ে তেওঁক ধুনীয়া দেখা বাবেই হাৰাশাস্তি কৰিছিল ৷
বিষয়াসকলৰ মতে, গ্ৰেপ্তাৰ হোৱাৰ সময়ত বুষ্টামী আক্ৰমণাত্মক আৰু নিয়ন্ত্ৰণৰ বাহিৰত আছিল আৰু বুষ্টামিৰ বিৰুদ্ধে অসদাচৰণৰ অভিযোগত ক্লাৰ্ক কাউণ্টি ডিটেনচন চেণ্টাৰত গোচৰ ৰুজু কৰা হৈছিল।
বিমানবন্দৰত বা বিমানত উশৃংখল আচৰণক ফেডাৰেল আইনৰ উলংঘন বুলি গণ্য কৰিব পাৰি। সেয়েহে এফ.এ.এ.-য়ে বিমানবন্দৰসমূহক অসৎ আচৰণ হ্ৰাস কৰাত সহায় কৰিবলৈ কৈছে ৷
উশৃংখল যাত্ৰীসকলৰ বিৰুদ্ধে অসামৰিক জৰিমনা আৰোপ কৰিছে এফ.এ.এ.-য়ে। আনহাতে উশৃংখল যাত্ৰী সকলক নিয়ন্ত্ৰিত কৰিবলৈ সক্ৰিয় হৈ পৰিছে কৰ্তৃপক্ষ ৷