অসমৰ বজালী জিলাৰ এগৰাকী মহিলাই তেওঁৰ ৩ বছৰীয়া পুত্ৰৰ সৈতে পুখুৰীত জপিয়াই আত্মহত্যা কৰাৰ ঘটনাই অঞ্চলটোত দুখৰ ছাঁ পেলাইছে। ৩০ বছৰীয়া মহিলাগৰাকীৰ নাম মালৱিকা ডেকা বুলি উল্লেখ কৰা হৈছে।
তথ্য অনুসৰি মহিলাগৰাকীৰ স্বামীৰ সৈতে পৰিয়াল সম্পৰ্কীয় কথাত কিছু তৰ্ক-বিতৰ্ক হৈছিল যাৰ বাবে তেখেতে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে।
আনহাতে মালৱিকা ডেকাৰ স্বামী ভাৰত-তিব্বত সীমা আৰক্ষীৰ এগৰাকী কনিষ্টবল আৰু তেওঁ উত্তৰাখণ্ডত কৰ্মৰত। ইতিমধ্যে মহিলাগৰাকীৰ পৰিয়ালে তেওঁৰ স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।
ঘটনাটোৰ পাছত এচ ডি আৰ এফৰ দলে পুখুৰীৰ পৰা মাতৃ আৰু পুত্ৰৰ দেহ উদ্ধাৰ কৰে। পৰৱৰ্তী তদন্তইহে সকলো তথ্য পোহৰলৈ আনিব বুলি ওচৰ-চুবুৰীয়াই মন্তব্য কৰিছে।