এগৰাকী মহিলাই সম্পূৰ্ণ পৃথক ৰঙৰ এহাল যমজ সন্তান জন্ম দিয়া ঘটনাই সকলোকে আশ্চৰ্যচকিত কৰিছে আৰু সামাজিক মাধ্যমতো বৰ্তমান তেওঁলোকৰ ছবি ভাইৰেল হৈ পৰিছে । ২৯ বছৰীয়া চেণ্টেল ব্ৰোটন নামৰ মহিলাগৰাকীয়ে এপ্ৰিল মাহত আয়ন আৰু আজিৰাহ নামৰ দুটি যমজ শিশুৰ জন্ম দিয়ে। তেওঁৰ পুত্ৰ আয়ন আছিল বগা ছাল আৰু সেউজীয়া চকুৰ আনহাতে কন্যা আজিৰাহৰ ছালৰ বৰণ হ’ল গাঢ় আৰু চকুৰ বৰণ মুগা ।
বিশেষজ্ঞসকলৰ মতে এনেধৰণৰ যমজ সন্তানৰ জন্ম অতি বিৰল ৷ এক মিলিয়নৰ ভিতৰত এবাৰহে হে এনেধৰণৰ সম্পূৰ্ণ পৃথক অৱয়বৰ যমজ সন্তানৰ জন্ম হয় ৷
শিশুহালৰ মাতৃ চেণ্টেলে কৈছিল যে তেওঁৰ গাৰ বৰণ যদিও বগা তেওঁৰ ককাক নাইজেৰিয়ান আছিল। আনহাতে চেণ্টেলৰ সংগী ২৯ বছৰীয়া এষ্টন হ’ল আধা জামাইকান, আধা স্কটিছ।
চেণ্টেলে কৈছিল যে জন্মৰ সময়ত তেওঁৰ দুই সন্তান দেখাত বেছি বেলেগ নাছিল কিন্তু দিন যোৱাৰ লগে লগে আজিৰাহৰ ছালৰ বৰণ আৰু গাঢ় হ’বলৈ আৰম্ভ কৰিছে।লগতে তেওঁ কৈছিল যে কেঁচুৱাদুটাৰ ব্যক্তিত্বও সম্পূৰ্ণ বিপৰীত।তেওঁ ভাৱে যে তেওঁলোকৰ চুলিও বেলেগ হ’ব। আজিৰাহৰ ডাঠ, কেঁকোৰা চুলি আৰু আয়নৰ চুলি সম্পূৰ্ণ বেলেগ হ’ব। সুখী মাতৃগৰাকীয়ে কৈছিল যে জন্মৰ সময়ত আজিৰাহৰ গাৰ ৰং অলপ গাঢ় আছিল । কিন্তু এতিয়া সময় পাৰ হৈ যোৱাৰ লগে লগে তাইৰ গাৰ বৰণ দেউতাকতকৈও গাঢ় হৈছিল।
আনহাতে সন্তান হালৰ পিতৃ এষ্টনে কৈছিল যে তেওঁলোক দুয়োকে জন্মৰ পৰাই একে দেখা গৈছিল কিন্তু ছোৱালী জনীৰ গাৰ বৰণ লাহে লাহে আৰু গাঢ় হৈ আহিছে আৰু তাই ধুনীয়া ।
ইফালে তেওঁলোকৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ সদস্যসকলে এতিয়াও এই কথা বিশ্বাস কৰিব পৰা নাই ।চেণ্টেলে কৈছিল যে মানুহে প্ৰায়ে সুধে যে দুয়োটা কেঁচুৱাই তেওঁৰ নেকি। তেওঁলোক দেখাত সম্পূৰ্ণ বেলেগ হোৱা বাবেই মানুহে সদায় তেওঁলোকক দেখাৰ লগে লগে আশ্চৰ্য প্ৰকাশ কৰি চকু ডাঙৰ কৰি চাণ্টেলক এই প্ৰশ্ন কৰে ৷