VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পোনপ্ৰথমবাৰৰ বাবে কেতিয়া উদযাপন কৰা হৈছিল বিশ্ব ঋতুস্ৰাৱ স্বাস্থ্য দিৱস?

২৮ মে' দিনটোৰ আছে এক সাংকেতিক অৰ্থ

voicedesk by voicedesk
May 28, 2024
in সমাজ
পোনপ্ৰথমবাৰৰ বাবে কেতিয়া উদযাপন কৰা হৈছিল বিশ্ব ঋতুস্ৰাৱ স্বাস্থ্য দিৱস?
0
SHARES
113
VIEWS
Share on FacebookShare on Twitter

ঋতুস্ৰাৱ স্বাস্থ্য দিৱস বা  ঋতুচক্ৰ স্বচ্ছতা দিৱস

প্ৰতিবছৰে মে’ মাহৰ ২৮ তাৰিখে  সমগ্ৰ বিশ্বতে এই  দিৱস পালন কৰা হয়  ৷

এই দিৱস উদযাপনৰ আছে এক বিশেষ কাৰণ-

বিশ্বত ঋতুস্ৰাৱৰ সময়ত ল’বলগীয়া সাৱধানতা আৰু স্বাস্থ্যজনিত বিধান সমূহ মানি চলাৰ লগতে এগৰাকী নাৰীৰ মাহেকীয়াৰ সময়ত স্বচ্ছতাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ  সমগ্ৰ বিশ্বতে পালন কৰা দিৱসেই হ’ল বিশ্ব ঋতুস্ৰাৱ স্বাস্থ্য দিৱস বা ঋতুচক্ৰ স্বচ্ছতা দিৱস ।

২০১৪ চনত জাৰ্মানীৰ এক বেচৰকাৰী সংস্থা ‘ৱাশ্ব ইউনাইটেডে’ পোন প্ৰথমে বিশ্বৰ মহিলা সকলৰ হিতৰ বাবে ২৮ মে’  তাৰিখে এই দিৱসৰ পাতনি মেলিছিল।

এই ২৮ মে’ দিনটোৰ এক সাংকেতিক অৰ্থ আছে। মে’ মাহ ইংৰাজী কেলেণ্ডাৰৰ পঞ্চম মাহ আৰু ঋতুচক্ৰৰ সময়ত গড় হিচাপত মহিলাৰ পাঁচদিন ঋতুস্ৰাৱ হয়। সেইদৰে মহিলাৰ ঋতুচক্ৰ গড় হিচাপত ২৮ দিনৰ। সেয়ে মে’ মাহৰ ২৮ তাৰিখে এই দিৱস পালন কৰা হয়।

বিশ্বৰ উন্নয়নশীল দেশ সমূহত মহিলা সকলৰ ঋতুস্ৰাৱৰ সময়ত স্বচ্ছতাৰ বাবে প্ৰয়োজনীয় আহিলা সমূহৰ চয়ন মূল্য, উপলব্ধতা আৰু সামাজিক আচৰণৰ ওপৰত ভিত্তি কৰি পালন কৰা হয় এই দিৱস ।

এই দিনটোত যুৱতী নাইবা কিশোৰী সকলক ঋতুস্ৰাৱৰ সময়ত ল’বলগীয়া সাৱধানতা সমূহৰ বিষয়ে মুকলিকৈ আলোচনা কৰাৰ লগতে এইবিষয়ে শিক্ষা দিয়াৰ ক্ষেত্ৰত   গুৰুত্ব প্ৰদান কৰা হয়। গৱেষণাৰ পৰা পোৱা গৈছে যে বিশ্বৰ বহুতো দেশত ছোৱালীৰ ঋতুস্ৰাৱৰ সময়ত উপযুক্ত স্বচ্ছতা ব্যৱস্থাপনা  নথকাৰ বাবে তেওঁলোকক ঘৰৰ ভিতৰতে থাকিবলৈ দিয়া হয়। বহুক্ষেত্ৰত তেওঁলোকৰ শিক্ষা গ্ৰহণো সীমানতে অন্ত পৰে।

ঋতুস্ৰাৱ স্বাস্থ্য দিৱসৰ দিনা ঋতুচক্ৰৰ বিষয়ে সজাগতা সৃষ্টি কৰা হয়। এই দিনা মাহেকীয়া আৰু ইয়াৰ আনুসংগিক বিষয় সমূহৰ বিষয়ে মুকলিকৈ আলোচনা কৰা হয়। বিভিন্ন মাধ্যমৰ লগতে ছ’চিয়েল মিডিয়াটো এই বিষয়ে সজাগতা সৃষ্টি কৰা হয়। ইয়াৰ লগতে বিভিন্ন সংগঠনে গোলকীয়, ৰাষ্ট্ৰীয় তথা স্থানীয় প্ৰেক্ষাপটত ঋতুস্ৰাৱৰ সময়ৰ স্বচ্ছতা ব্যৱস্থাপনাৰ বিষয়ে বিভিন্ন নীতি আৰু প্ৰকল্প সমূহ গ্ৰহণ কৰে।

২০১২ চনত কেইবাটাও জনস্বাস্থ্যৰ লগত জড়িত গোটে ঋতুস্ৰাৱৰ সময়ত ল’বলগীয়া সাৱধানতাৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ ধ্যান আকৰ্ষণ কৰিবলৈ চেষ্টা চলাইছিল। ইয়াৰ লগত তৃণমূল পৰ্যায়ৰ সন্থাৰ লগতে সামাজিক উদ্যমী আৰু ৰাষ্ট্ৰসংঘৰ সহযোগী সংগঠন সমূহ অন্যতম।

২০১৩ চনৰ মে’মাহত ৱাছ ইউনাইটেড নামৰ সংগঠনে ছ’চিয়েল মিডিয়াত যোগে এক মাহজোৰা অভিযান আৰম্ভ কৰে। তেওঁলোকে ঋতুচক্ৰৰ বিষয়ে সজাগতাৰ সৃষ্টিৰ উদেশ্যে এই অভিযান আৰম্ভ কৰিছিল। সেইসময়তে তেওঁলোকে ঋতুস্ৰাৱ স্বাস্থ্যৰ ওপৰত গোলকীয় সজাগতাৰ বাবে দিৱস উদযাপন কৰিবলৈ মনস্থ কৰে।

২০১৪ চনৰ ২৮ মে’ তাৰিখে গোটেই বিশ্বতে পোনপ্ৰথমবাৰৰ বাবে ঋতুস্ৰাৱ স্বাস্থ্য দিৱস উদযাপন কৰা হয়। উক্ত দিনটোত পৃথিৱীৰ বিভিন্ন ঠাইত শোভাযাত্ৰা, প্ৰদৰ্শনী, চলচ্চিত্ৰ প্ৰদৰ্শন, কৰ্মশালা আৰু বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল।  প্ৰথম ঋতুস্ৰাৱ স্বাস্থ্য দিৱসৰ জড়িত হৈ আছিল ১৪৫টা সহযোগী সংস্থা  আৰু তাৰেই ফলশ্ৰুতি ৰূপে সমগ্ৰ বিশ্বত আজিও পালন কৰা হয় বিশ্ব ঋতুস্ৰাৱ স্বাস্থ্য দিৱস বা বিশ্ব ঋতুচক্ৰ স্বচ্ছতা দিৱস৷

 

 

Previous Post

‘মোদী’ৰ পৰা ‘অমিত শ্বাহ’লৈকে সকলোৱে হ’ব বিচাৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ? ৩০০০ৰো অধিক আৱেদন দাখিল

Next Post

ছৌদি আৰব এৰি যোৱাৰ জল্পনা-কল্পনাৰ মাজতে ৰোনাল্ডোৰ অভিলেখ, চি আৰ ৭ য়ে ৰছিলে ইতিহাস

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
ছৌদি আৰব এৰি যোৱাৰ জল্পনা-কল্পনাৰ মাজতে ৰোনাল্ডোৰ অভিলেখ, চি আৰ ৭ য়ে ৰছিলে ইতিহাস

ছৌদি আৰব এৰি যোৱাৰ জল্পনা-কল্পনাৰ মাজতে ৰোনাল্ডোৰ অভিলেখ, চি আৰ ৭ য়ে ৰছিলে ইতিহাস

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7