এছিয়া মহাদেশৰ ছিংগাপুৰত জন্ম লাভ কৰিছে পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম শিশুটিয়ে। জন্ম হোৱা কন্যা শিশুটিৰ নাম ইউ সুৱান (Yu Xuan)। জন্মৰ সময়ত এই কন্যা শিশুটিৰ ওজন আছিল ২১২ গ্ৰাম। সহজ অৰ্থত ক’বলৈ গ’লে এই ওজন হ’ব এটা আপেলৰ সমান।
২০২০ চনৰ জুন মাহৰ ৯ তাৰিখে ছিংগাপুৰৰ নেচনেল ইউনিভাৰ্চিটি হস্পিটেলত শিশুটিৰ জন্ম হয়। প্ৰাপ্ত তথ্য মতে শিশুটিৰ মাতৃ গৰাকীয়ে গৰ্ভধাৰণ কৰা ২৫ সপ্তাহৰ পাছতেই অৰ্থাৎ জন্মৰ তাৰিখৰ চাৰি মাহৰ পূৰ্বেই কণমানিটিৰ জন্ম হয়।
উল্লেখ্য যে জন্মৰ সময়ত শিশুটিৰ উচ্চতা আছিল মাত্ৰ ২৪ চেন্টিমিটাৰ। আনহাতে জন্মৰ পাচত স্বাস্থ্যৰ কিছু অৱনটি ঘটাত ১৩ মাহৰ বাবে আই চি ইউ (ICU)ত ৰখাৰ লগতে ভেন্টিলেচনতো ৰাখিব লগীয়া হৈছিল শিশুটিক। প্ৰাপ্ত তথ্য মতে এইদৰে জন্ম গ্ৰহণ কৰা শিশুৰ ভিতৰত ইউ সুৱানেই আটাইতকৈ সৰু শিশু।
চিকিৎসক সকলে জনোৱা মতে এই কন্যা শিশুটিক চোৱা-চিতা কৰা সিমান সহজ নহয়। শিশুটিৰ গাৰ ছালখন খুব পাতল আৰু শৰীৰটো ইমানেই সৰু যে তেঁওলোকে উশাহ-নিশাহ ল’বৰ বাবে ক্ষুদ্ৰতকৈও ক্ষুদ্ৰতম পাইপ বিচাৰি উলিয়াব লগীয়া হৈছিল আৰু ডাইপাৰটোও কাটি সৰু কৰিহে পিন্ধাব লগীয়া হৈছিল।
বৰ্তমান এই শিশুটি সম্পূৰ্ণ সুস্থ অৱস্থাত আছে আৰু চিকিৎসালয়ত ১৩ মাহ কটোৱাৰ পাচত অৱশেষত ঘৰলৈ লৈ অহা হৈছে। উল্লেখ্য যে এই শিশুটিৰ জন্মৰ আগতেও আমেৰিকাত ২০১৮ চনত ২৪৫ গ্ৰাম ওজনৰ এটি কন্যা শিশু জন্ম হৈছিল।