VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰতি বছৰে ১৯ নৱেম্বৰত কিয় পালন কৰা হয় বিশ্ব টইলেট দিৱস?

কি এই বিশ্ব টইলেট দিৱসৰ ইতিহাস ?

voicedesk by voicedesk
November 19, 2022
in সমাজ
প্ৰতি বছৰে ১৯ নৱেম্বৰত  কিয় পালন কৰা হয় বিশ্ব টইলেট দিৱস?
0
SHARES
589
VIEWS
Share on FacebookShare on Twitter

পৰিষ্কাৰ পৰিছন্নতাই এখন সমাজক সুস্থ কৰি ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ৷ সেয়েহে বিশ্বৰ বহু দেশ বিশেষকৈ উন্নত দেশ সমূহ এই ক্ষেত্ৰত যথেষ্ট সচেতন হোৱা দেখা যায় ৷ সেয়েহে পৰিষ্কাৰ পৰিছন্নতাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবেই বিশ্বৰ বহু ঠাইত সময়ে সময়ে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰা হয় ৷ তাৰেই এক উৎকৃষ্ট উদাহৰণ হ’ল এই আন্তৰ্জাতিক টইলেট দিৱস ৷ বিশেষকৈ শৌচাগাৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ লগতে ঘৰত শৌচাগাৰ স্থাপনৰ বিষয়ে সমাজত জ্ঞান বিয়পোৱাৰ বাবে প্ৰতি বছৰে ১৯ নৱেম্বৰত পালন কৰা হয়  এই বিশ্ব টইলেট  দিৱস ।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে (UNGA) আনুষ্ঠানিকভাৱে এই দিৱস উদযাপনৰ দিন নিৰ্ধাৰণ কৰাৰ বিপৰীতে ভাৰত চৰকাৰেও স্বচ্ছতা বা অনাময় ব্যৱস্থাৰ প্ৰতি সজাগতা বৃদ্ধিৰ লক্ষ্যৰে স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে প্ৰতিবছৰে এই দিৱস উদযাপন কৰি আহিছে   ।

ছিংগাপুৰৰ জেক ছিম নামৰ এজন ব্যক্তিৰ উদ্যোগত  ২০০১ চনত বিশ্ব শৌচাগাৰ সংস্থা প্ৰতিষ্ঠা কৰা হয় । ইয়াৰ কেইটামান বছৰৰ পিছতে  ২০১০ চনত ৰাষ্ট্ৰসংঘই বিশুদ্ধ পানী আৰু চেনিটাইজেচনৰ অধিকাৰক মৌলিক মানৱ অধিকাৰ বুলি ঘোষণা কৰে। বহু বছৰ ধৰি কাম কৰাৰ অন্তত ২০১৩ চনৰ ২৪ জুলাইত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ১৯ নৱেম্বৰক বিশ্ব শৌচাগাৰ দিৱস হিচাপে পালন  কৰাৰ প্ৰস্তাৱ গৃহীত কৰে।

বিশ্ব শৌচাগাৰ দিৱসৰ মূল লক্ষ্য কি ?

বিশ্ব শৌচাগাৰ দিৱসৰ মূল লক্ষ্য হৈছে সাধাৰণ জনতাৰ মাজত  বৃহৎ অৰ্থত অনাময় ব্যৱস্থাৰ ক্ষেত্ৰত  সজাগতা বৃদ্ধি কৰা।গুৰুত্বপূৰ্ণ কথা যে ২০১০ চনত ৰাষ্ট্ৰসংঘই পানী আৰু অনাময়ৰ অধিকাৰক মানৱ অধিকাৰ হিচাপে আইনগতভাৱে স্বীকৃতি দিয়াৰ লগে লগে অনাময় সংকটৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে তেওঁলোকৰ প্ৰচেষ্টা আৰু অধিক শক্তিশালী হৈ উঠিছিল।

২০২২ চনৰ বিশ্ব শৌচাগাৰ দিৱসৰ বিষয়বস্তু কি?

২০২২ চনৰ বিশ্ব শৌচাগাৰ দিৱসৰ বিষয়বস্তু  হৈছে “অদৃশ্যক দৃশ্যমান কৰি তোলোঁ।”

আজিও পৃথিৱীৰ ৩৬ কোটি লোকে  শৌচাগাৰ ব্যৱহাৰ নকৰাটোলৈ  লক্ষ্য কৰিলে বুজিব পাৰি যে পৃথিৱীত  অনাময় সংকটে   স্বাস্থ্য আৰু পৰিৱেশৰ ক্ষেত্ৰত যথেষ্ট  বেয়া প্ৰভাৱ পেলাইছে ।  পৃথিৱীৰ জলসম্পদসমূহ  অপৰ্যাপ্ত অনাময় ব্যৱস্থাৰ দ্বাৰা দূষিত হৈ আছে যিয়ে  আৱৰ্জনা সমূহক  নদী, হ্ৰদ আৰু মাটিলৈ কঢ়িয়াই লৈ যায়।সেয়েহে  প্ৰতিজন ব্যক্তিয়ে এনে এক শৌচাগাৰৰ সুবিধা লাভ কৰা উচিত যি  মানুহক আৱৰ্জনামুক্ত কৰি এক স্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি কৰিব পাৰে ।

মানুহৰ মাজত  পৰিষ্কাৰ পৰিছন্নতাৰ  ক্ষেত্ৰত  সজাগতা বৃদ্ধি কৰাৰ এই প্ৰচেষ্টাৰে সমগ্ৰ বিশ্বই উদযাপন কৰা  এই দিনটো সফল হওঁক,  আৱৰ্জনামুক্ত হওঁক পৃথিৱী ৷

 

 

Previous Post

মুম্বাইত সম্পন্ন হ’ল আমিৰ খানৰ কন্যা ইৰাৰ বাগদান, কোন হ’ব দৰা

Next Post

নামৰ বাবেই   অতি বিখ্যাত ভাৰতৰ কেইখনমান হোটেল

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
নামৰ বাবেই   অতি বিখ্যাত ভাৰতৰ কেইখনমান হোটেল

নামৰ বাবেই   অতি বিখ্যাত ভাৰতৰ কেইখনমান হোটেল

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7