“শ্বেতপদ্মাসনা দেৱী শ্বেতপুষ্পোপশোভিতা।
শ্বেতাম্বৰাধৰা নিত্যা শ্বেতগন্ধানুলেপনা।।
শ্বেতাক্ষ সূত্ৰহস্তা চ শ্বেত চন্দন চৰ্চিতা।
শ্বেতবীণাধৰা শুভ্ৰা শ্বেতালংকাৰ ভূষিতা।।
বন্দিতা সিদ্ধগন্ধৱৈৰচ্চিতা সুৰদানবৈঃ।
পূজিতা মুনিভিঃ সৰ্বৈঋষিভিঃ স্তুয়তে সদা।।
স্তোত্ৰেণানেন তাং দেৱীং জগদ্ধাত্ৰীং সৰস্বতীম।
যে স্মৰন্তি ত্ৰিসন্ধ্যায়াং সৰ্বধাং বিদ্যাং লভন্তিতে ।।”
কৃষ্ণৰ মুখৰ পৰাই সৰস্বতীৰ জন্ম হৈছিল।জন্ম লাভ কৰাৰ পাছত অপৰূপা দেৱী সৰস্বতী কৃষ্ণৰ ৰূপত আকৃষ্ট হোৱাত অন্তৰ্যামী কৃষ্ণই সৰস্বতীক ক’লে –
” হে সতী ! দেৱ নাৰায়ণ মোৰেই অংশৰ ৰূপ। সৰ্বগুণসম্পন্ন তেওঁ এজন মহান সুন্দৰ -সুঠাম যুৱক। হে দেৱী ! তুমি তেওঁকে পতিৰূপে বৰণ কৰাগৈ। তেঁৱেই তোমাৰ মনৰ কামনা পূৰ্ণ কৰিব পাৰিব। হে ভদ্ৰে! গতিকে তুমি বৈকুণ্ঠলৈ যোৱা আৰু নাৰায়ণক স্বামীৰূপে বৰণ কৰি ধন্যা হোৱা। তোমাৰ তাতেই মংগল হ’ব , তাতেই সুখ ভোগ কৰি থাকিব পাৰিবা। সেইখন ঠাইত ক্ৰোধ হিংসা নাই । সেই ঠাইতে লক্ষ্মীদেৱী সদায় বিৰাজ কৰি থাকে , তেওঁৰ লগতে নিচিন্ত মনেৰে সুখেৰে বসবাস কৰিব পাৰিবা। স্বামীৰূপে বিষ্ণুৱে দুয়োকে সমানে মৰম আদৰ কৰিব।
আনহাতেদি প্ৰতিবছৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত তোমাক সকলোৱে পূজা কৰিব।জ্ঞানীলোকে তোমাক পুস্তক আৰু ঘট স্থাপন কৰি পূজা কৰিব।সুবৰ্ণৰ গুটিমালা গাঠি সুগন্ধি চন্দন লৈ তোমাক অৰ্চনা কৰিব।সোঁ হাতত গুটিমালা ধাৰণ কৰি তোমাৰ স্তৱ পাঠ কৰিব। যি জনে তোমাক স-ভক্তিৰে পূজা কৰিব তেওঁৰ মনৰ কামনাও পূৰ্ণ হ’ব। এই বৰ মই তোমাক দান কৰিলোঁ।”
এইবুলি কৃষ্ণই সৰস্বতীৰ পূজা সৰ্বপ্ৰথমেই কৰি সমাপন কৰিলে। তাৰ পাছত তাত সমবেত হৈ থকা ব্ৰহ্মা বিষ্ণু শিৱই ভক্তি ভাবেৰে দেৱীৰ পূজা কৰিলে। দেৱগণ , মুণিগণ , মণুগণে দেৱী সৰস্বতীক ভক্তিভাবেৰে পূজা-অৰ্চনা কৰিলে। কৃষ্ণৰ আশীৰ্বাদত সৰস্বতীয়ে ত্ৰৈলোক্যৰ পূজা পাবলৈ ধৰিলে।
“সৰস্বতী দেৱীক সকলোৱে কাণ্বেশাখা বিধিমতে পূজা কৰিব এইটো শাস্ত্ৰৰ বিধান। মাঘ মাহৰ শুক্লা চতুৰ্থীৰ দিনা পূজাৰ আগদিনা আনন্দ মনেৰে শুদ্ধ দেহেৰে শুদ্ধ আহাৰেৰে শুদ্ধ চিত্তেৰে থাকি দেৱীৰ পূজাঘট শুক্লা পঞ্চমীৰ দিনা স্থাপন কৰিব। স-ভক্তিৰে অগ্নি , বিষ্ণু , শিৱ , সূৰ্য , শিৱা আৰু গণেশ এই ছয় দেৱতাক পূজা কৰিব। তাৰ পাছতে সৰস্বতী ধ্যান কৰি ষোড়শোপচাৰে দেৱীৰ পূজা আৰম্ভ কৰিব।”
শুদ্ধ বগা পুষ্প , শুদ্ধ বস্ত্ৰ , মনোহৰ শঙ্খ , বগা চন্দন , ফুলৰ মালা দেৱী সৰস্বতীৰ পূজাত শুদ্ধ চিত্তেৰে শুদ্ধমনেৰে সভক্তিৰে নিবেদন কৰি দেৱীক ধ্যান কৰিব লাগে –
“শ্বেতবৰ্ণা স্মিতাননা অতি মনোহৰ।
কোটি চন্দ্ৰ প্ৰভাসম দীপ্ত কলেবৰ।।
অগ্নিসম শুদ্ধ বস্ত্ৰ পৰিধান কৰা।
ৰত্নে বিভূষিত দেহ অতি মনোহৰা ।।
ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সকলো দেৱতা।
ভক্তি ভাবে পূজা কৰে সৰস্বতী মাতা।।
মুণি , মণু , মনুষ্যও দেৱী ধ্যান কৰে।
সৰস্বতী -ধ্যান কৰা প্ৰফুল্ল অন্তৰে।।”