লণ্ডন অলিম্পিকৰ শিখা দৌৰত অংশ লোৱা ডিব্ৰুগড়ৰ পিংকী কৰ্মকাৰক অৱশেষত অসম চৰকাৰে নিযুক্তি পত্ৰ প্ৰদান কৰিলে।দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ দিনা ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণে প্ৰদান কৰিলে এই নিযুক্তি পত্ৰ।
২০১২ চনত লণ্ডন অলিম্পিকৰ শিখা দৌৰত অংশ লোৱা ডিব্ৰুগড় বৰবৰুৱা চাহ বাগিচাৰ শ্ৰমিক পিংকী কৰ্মকাৰৰ জীৱন সংগ্ৰামৰ কথা বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ উপৰিও চ’ছিয়েল মিডিয়াতো ব্যাপক চৰ্চা লাভ কৰিছিল।
ডিব্ৰুগড় বৰবৰুৱা চাহ বাগিচাৰ ২ নং লাইনৰ বাসিন্দা পিংকী কৰ্মকাৰে বাগিচা খনত বাল্য বিবাহ অবাধ সুৰা প্ৰচলনৰ বিৰোধিতা কৰি শিক্ষা-স্বাস্থ্য আৰু ক্ৰীড়া বিষয়ক কাম- কাজত জড়িত আছিল।যাৰ পৰিপ্ৰেক্ষিতত পিংকীয়ে ভাৰতৰ হৈ লণ্ডন অলিম্পিকত অংশ লোৱাৰ সুযোগ পাইছিল।
লণ্ডন অলিম্পিকত অংশ লৈ দেশবাসীক গৌৰাৱাম্বিত কৰা পিংকীক সেইসময়ত চাহ জনগোষ্ঠীয় নেতা তথা কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী পৱন সিং ঘাটোৱাৰ ,ৰাজ্যিক কেবিনেট মন্ত্ৰী পৃথিৱী মাঝিয়ে লগ কৰি সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল যদিও পিছত সকলো ফুটুকাৰ ফেনত পৰিণত হৈছিল।
উল্লেখ যোগ্য যে টকিঅ‘ অলিম্পিক লাভলীনাৰ জয়যাত্ৰাক লৈ ৰাজ্যজুৰি আনন্দৰ জোৱাৰ উঠাৰ সময়তে একেলগে পিংকীৰ দুখ ভৰা কাহিনীও সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল। এটা সময়ত সকলোৱে প্ৰশংসাৰে উপচাই পেলোৱা প্ৰতিভা পিছত কেনেকৈ উপেক্ষিত হয়। যিহেতু ২০১৫ চনত মাতৃৰ বিয়োগ হোৱাত পিংকীয়ে পেটৰ তাড়নাত বাগিচা খনৰ কল ঘৰতেই অস্থায়ী কৰ্মচাৰী ৰূপে নিয়োজিত হৈ আছিল।
এই সকলো কথা সংবাদ মাধ্যম তথা চ’ছিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পিছতেই যেন সাৰ পালে অসম চৰকাৰ।অৱশেষত পিংকীৰ খবৰ লবলৈ আহৰি নোপোৱা অসম চৰকাৰে স্বাধীনতা দিৱসৰ দিনা অসম চাহ কৰ্মচাৰী ভৱিষ্যতনিধি সংস্থাত কেৰাণী হিচাপে নিযুক্তি পত্ৰ প্ৰদান কৰে।
অৱশ্যে পিংকীৰ হাতত তুলি দিয়া এই নিযুক্তি পত্ৰত মাত্ৰ তিনি মাহৰ বাবেহে অস্থায়ী ভিত্তিত নিযুক্তি দিয়া বুলি উল্লেখ আছে। আৰু এতিয়া অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটাছাই চৰকাৰৰ এই পদক্ষেপক আদৰণি জনোৱাৰ লগতে নিৰ্ধাৰিত সময়ৰ পিছত স্থায়ী ভিত্তিত মকৰল কৰিব লাগিব বুলি স্পষ্ট কৰি দিয়ে।
শেহতীয়াকৈ পিংকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিল আৰু মুখ্যমন্ত্ৰীয়ে সংস্থাপন দিয়াৰ আশ্বাস দিছিল। সেইমৰ্মে স্বাধীনতা দিৱসৰ দিনা নিযুক্তি পত্ৰ পাই উৎফুল্লিত হৈ পৰিছে পিংকী।