কালি দিল্লী কেপিটেলছক পৰাস্ত কৰি চেন্নাই ছুপাৰ কিংছ নৱমবাৰৰ বাবে আই পি এল ২০২১ ৰ ফাইনেলত প্ৰৱেশ কৰে। ৰবীন্দ্ৰ উত্থাপা, ৰিতুৰাজ গাইকোৱাৰ্ড আৰু কেপ্তেইন মহেন্দ্ৰ সিংহ ধোনীৰ উৎকৃষ্ট প্ৰদৰ্শনে ফাইনেলত প্ৰৱেশ কৰাত সহায় কৰিলে।
শ্বাসৰুদ্ধ খেলখনত মহেন্দ্ৰ সিংহ ধোনীক পূৰ্বৰ ৰূপত দেখিবলৈ পাই দৰ্শকৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল। বিৰাট কোহলীয়েও পৰিস্থিতি নিয়ন্ত্ৰণকাৰী পূৰ্বৰ ধোনীৰ প্ৰদৰ্শন উপভোগ কৰি উৎফুল্লিত হৈ পৰাৰ কথা উল্লেখ কৰিছে।
অহা ১৫ অক্টোবৰ তাৰিখে আই পি এল ২০২১ ৰ ফাইনেল খেলখন অনুষ্ঠিত হ’ব।